
নলবাৰীঃ এতিহ্যমণ্ডিত নলবাৰীৰ ৰাস মহোৎসৱ অহা তিনি নবেম্বৰৰ পৰা তেৰ দিনীয়াকৈ অনুষ্ঠিত হ’ব৷ ইতিমধ্যে ৰাস উদযাপন সমিতিয়ে প্ৰস্তুতি সম্পুৰ্ণ কৰি তোলা বুলি জানিব পৰা গৈছে৷ ৮৪ সংখ্যক নলবাৰী হৰি মন্দিৰৰ ৰাস মহোৎসৱ উদযাপন সমিতিৰ শান্তি ৰক্ষা বিভাগৰ এখন গুৰুত্বপূৰ্ণ সভা দেওবাৰে অনুষ্ঠিত হয়।
ৰাস মহোৎসৱ উদযাপন সমিতিৰ উপ-সভাপতি বানেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত নলবাৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱা, উপ-আৰক্ষী অধীক্ষক জুপি বৰদলৈ, কেশৱ ফুকন, নলবাৰী সদৰ থানাৰ অ’ চি বদৰুল ইছলাম, যান-বাহন আৰক্ষী পৰিদৰ্শক দীপক বৰগিয়াৰী, নলবাৰী ৰাজহ চক্ৰ বিষয়া জিতু বৰ্মন, হৰি মন্দিৰৰ সম্পাদক নগেন ডেকা, ৰাস মহোৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌধুৰী আৰু পংকজ বৰ্মন, সহকাৰী সম্পাদক নৰেশ্বৰ কলিতা শান্তি ৰক্ষা বিভাগৰ তত্বাৱধায়ক সুকুমাৰ শৰ্মা আদিৰ লগতে শতাধিক শান্তি ৰক্ষা বিভাগৰ সদস্য উপস্থিত থাকে।