
তুলসীবাৰীঃ ৰঙিয়াৰ তৰণীত ৯দিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰৰ পৰা আৰম্ভ হ’ল ৮৩ সংখ্যক বাৰোৱাৰী ৰাস মহোৎসৱ৷ স্থানীয় বিধায়ক ভবেশ কলিতাই মাংগলিক ধ্বনিৰে মুখৰিত পৰিবেশত মুখ্যদ্বাৰ উন্মোচন কৰে৷
বিটিএডিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে বন্তি প্ৰজ্বলন কৰাৰ পাছত অন্যতম আকৰ্ষণীয় টোপধ্বণী প্ৰদৰ্শন অনুষ্ঠান মুকলি কৰে প্ৰাক্তন বিধায়ক অনন্ত ডেকাই৷ তদুপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সমবেত শত-সহস্ৰ ভক্তৰ সমাগমৰে স্বাভাবিকতে উদুলি মুদুলি হৈ পৰি তৰণী ৰাস৷
শনিবাৰে পুৱাৰ ভাগত ধৰ্মীয় শোভাযাত্ৰা উদ্বোধন কৰিব প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৱে৷ আনহাতে সন্ধিয়া বন্তি প্ৰজ্বলন কৰাৰ পাছত মহিলাৰ নাগাৰা নাম পৰিৱেশন কৰিব ৰুমী বৰুৱা আৰু কনকলতা মেধীয়ে৷