
শুক্লাইঃ ঐক্য আৰু সংহতিৰ বাণী বিলায় সামৰণি পৰিল ভাৰত-ভূটান সীমান্তৰ বাঙালীপাৰাৰ ৰাস মহোৎসৱ৷ জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে আনন্দ-উলাহ কৰিবলৈ সকলো আহি সম্প্ৰীতিৰ এনাজৰী ডাল কটকটীয়া কৰি সামৰণি পৰিল বাক্সা আৰু ওদালগুৰি জিলাৰ সীমান্তৰ বাঙালীপাৰাৰ ৰাস মহোৎসৱ৷ যোৱা চাৰি নবেম্বৰৰ পৰা অনুষ্ঠিত হোৱা তৃতীয় বাৰ্ষিক বৃহত্তৰ ভোলাঝাৰ-বাঙালীপাৰা ৰাস মহোৎসৱত নিতৌ চৰ্চা চলিছিল শ্ৰী কৃষ্ণৰ কথা।

বৃহত্তৰ অঞ্চলটোত বসবাস কৰা অসমীয়া, নেপালী, বড়ো, বঙালী, মুছলমান, আদিবাসী আদি বিভিন্ন জনগোষ্ঠীৰ লোকে সমিল-মিলেৰে একত্ৰিত হৈ ওলাই আহি পালন কৰে এই ৰাস মহোৎসৱ। শিল্পীৰ হাতৰ পৰশত শতাধিক মৃণ্ময় মূৰ্তিয়ে প্ৰাণ পাই ৰাস মহোৎসৱত।
বাঙালীপাৰা ৰাস উৎসৱে সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছে। বিভিন্ন ভাষা-ভাষী, ধৰ্মাৱলম্বীৰ লগতে জনগোষ্ঠীয় লোকৰ মিলনৰ স্থলী হৈ পৰিছে বাঙালীপাৰা ৰাস মহোৎসৱ।

তৃতীয় বাৰ্ষিক বৃহত্তৰ ভোলাঝাৰ-বাঙালীপাৰা ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি হৰমোহন বৰুৱা আৰু সম্পাদক ৰোহিত প্ৰধানে কাৰ্যসূচীত মুখ্য দ্বাৰ উন্মোচন, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষ ৰোপন, বন্তি প্ৰজ্বলন, মুখ্য মন্দিৰ উন্মোচন, আতচবাজী প্ৰদৰ্শন, সুধাকন্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, পাপৰি মিনি থিয়েটাৰ, বোলছবি প্ৰদৰ্শন, মিনা বজাৰ, চিত্ৰহাৰ, নৃত্য প্ৰতিযোগিতা, আধুনিক গীত প্ৰতিযোগিতা আদি অনুষ্ঠান অনুষ্ঠিত হ'য় বুলি জানিবলৈ দিয়ে। যোৱা ৪ নৱেম্বৰৰ পৰা ৯ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰাস মহোৎসৱৰ শনিবাৰ সামৰণি পৰে।