
চতিয়াঃ চতিয়াৰ পূৱ নাগশংকৰ'ৰ এন চি চেঙামাৰী মজলীয়া বিদ্যালয়ত ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলি থকা পৰিলক্ষিত হৈছে৷ অহা ১৭ আৰু ১৮ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় ৰাস মহোৎসৱৰ শ্ৰীকৃষ্ণ শিশু লীলা আৰু কেলিগোপাল নাট মস্থ কৰা হ’ব৷
নাট উদ্বোধন কৰিব চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আৰু বিশিষ্ট আতিথি হিচাপে উপস্থিত থাকিব বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষকে। ১৯৯৫ চনতে অঞ্চলটোৰ হোতা সোনেশ্বৰ দাস, গোপাল দাস দুৰ্গা গোহাঁই, যগেশ্বৰ কলিতা, শিৱৰাম কলিতা, টংকেশ্বৰ বৰা, ভোলা বৰা, চুকৰাম পাতৰ, হৰিশিং পাতৰ, পুণানন্দ গোহাই, দেবেশ্বৰ কলিতা, ললিত কলিতা, যোগেন বসুমতাৰীৰ প্ৰচেষ্টাত আঞ্চলটো এই ৰাস মহোৎসৱ খন আৰম্ভ হৈছিল৷
তাহানিত কলগছ'ৰ খুটা আৰু পাতৰ ৰভাৰে আৰম্ভ হোৱা পূৱ নাগশংকৰ ৰাস আজি আধুনিকতাৰ পৰশ পৰিছে যদিও তাহানিৰ বৃন্দাবনৰ গোপী গনৰ লগত কৃষ্ণই ৰচা নানান লীলাৰ বাস্তৱিয়কতাৰ স্মৃতি বহন কৰি আহিছে৷ ৰাসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে বুলি জানিবলৈ দিয়ে আয়োজন উদযাপন সমিতিৰ উপদেষ্টা কৃষ্ণ পাতৰ সভাপতি ভাৰত ৰাজখোৱা আৰু সম্পাদক মিকুল কলিতাই৷