
ডিফুঃ ২০১৯ চনত বিগত লোক সভা নিৰ্বাচনত বিজেপিয়ে পৰাজয় বৰণ কৰা লোকসভা আসন সমূহ দখল কৰাৰ লক্ষ্য আগত ৰাখি তিনি পাৰ্বত্য জিলা ডিমা হাচাও, উত্তৰ কাছাৰ আৰু কাৰ্বি আংলঙক সামৰি বিজেপিয়ে সোমবাৰে অনুষ্ঠিত এখন কৰ্মী সভা৷ ডিফুৰ জয়ছিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহত কেন্দ্ৰীয় আইন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী ৰবি শংকৰ প্ৰসাদৰ উপস্থিতিত অনুষ্ঠিত হয় সভাখন৷ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে অসমত আহি ২৫ অক্টোবৰৰ পৰা ক্ৰমে, বৰপেটা, কোকৰাঝাৰ, কলিয়াবৰ আৰু জখলাবন্ধাত দলীয় কৰ্মী সভাত অংশ গ্ৰহণ কৰি বুথ পৰ্যায়ৰ কৰ্মী সকলৰ লগত মত বিনিময় কৰাৰ লগতে আগন্তুক লোক সভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থীক জয়ী কৰাই আনিবলৈ নীতি-নিৰ্দেশনা সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়৷
প্ৰতিকূল বতৰৰ পিছতো পূৱ কাৰ্বি আংলং বিজেপিৰ সভাপতি ৰতন টেৰণৰ সভাপতিত্বত অনুষ্ঠিত সাংগঠনিক সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, সাধাৰণ সম্পাদক, সাংগঠনিক সম্পাদক, চাৰি বিধায়ক ক্ৰমে চুম ৰংহাঙ, জয়ৰাম ইংলেঙ, ডঃ জয়ৰাম ইংলেঙ, ডঃ নোমল মোমিন লগতে দুই মুখ্য কাৰ্যবাহী সদস্য ক্ৰমে তুলিৰাম ৰংহাঙ আৰু দেৱলাল গাৰ্লোছা আৰু তিনিওখন পাৰ্বত্য জিলাৰ বুথ আৰু মণ্ডল সমিতিৰ নেতা-কৰ্মী সকলে অংশ গ্ৰহণ কৰে৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক পাহাৰীয়া জিলাৰ ডিফুত বিভিন্ন সম্প্ৰদায়ৰ দলীয় কৰ্মীয়ে উষ্ম আদৰণি জনায়৷

তাৰ পিছত মন্ত্ৰী গৰাকীয়ে সাংগঠনিক সভাত অংশ গ্ৰহণ কৰি দিয়া ভাষণত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু প্ৰধান মন্ত্ৰীয়ে বিজেপিৰ 'সব কা সাথ সব কা বিকাশৰ' মূলমন্ত্ৰক জনমূখী কৰিবলৈ আৰু কেন্দ্ৰীয় নেতৃত্বক দেশৰ বিভি্ন্ন প্ৰান্তৰ বুথ পৰ্যায়ৰ কৰ্মী সকলক সাক্ষাৎৰ উদ্দেশ্য তেওঁ অসম ভ্ৰমণলৈ আহিছে বুলি কয়৷ অসমৰ সৈতে তেওঁৰ নিবিড় সম্পৰ্ক থকা আৰু অসমক তেওঁ যথেষ্ট ভাল পায় বুলি ব্যক্ত কৰে৷ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে এক বিকাশ মূখী যাত্ৰাত গতি কৰিছে৷ বিজেপিয়ে শক্তিশালী ভাৰত, আতংকবাদ নিৰ্মূলকৰণ আৰু সবকা সাথ সবকা বিকাশৰ লক্ষ্য লৈ আগবাঢ়ি যোৱা এটা দল৷
বিজেপি কংগ্ৰেছৰ দৰে পৰিয়াল কেন্দ্ৰীক নহয়, ই আম আদমিৰ দল৷ কংগ্ৰেছৰ আমোলত ভাৰতৰ আন্তঃগাঠনি দূৰ্বল হোৱাৰ বিপৰীতে বিজেপিৰ শাসন কালত ই যষ্ট মজবুত হৈছে ৷ ভাৰতীয় সেনাই কোনো হিংসাৰ প্ৰশ্ৰয় নোলোৱাকৈ সাহসেৰে সীমান্তত শত্ৰুপক্ষৰ যিকোনো কু-অভিসন্ধিৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সদা প্ৰস্তুত আছে৷ নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়া, মেইক ইন ইণ্ডিয়া আৰু ষ্টাৰ্ট আপ ইণ্ডিয়াই ভাৰতত তথ্য আৰু প্ৰযুক্তিৰ দিশত এক নৱ জাগৰণৰ সৃষ্টি কৰিছে বুলি কয়৷ অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰশংসাত পঞ্চমূখ কেন্দ্ৰীয় আইন মন্ত্ৰী গৰাকীয়ে আগন্তুক লোক সভা নিৰ্বাচনত আটাইবোৰ লোকসভা আসনত বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব পাৰিব বুলি মন্তব্য কৰে৷

তৰুণ গগৈৰ শাসন কালত অসমত বিভিন্ন ধৰণৰ কেলেংকাৰী সংঘটিত হৈছিল যদিও বিজেপিয়ে সততাৰে সুশাসন চলাব আশ্বাস প্ৰদান কৰে৷ বিজেপিৰ অনান্য নেতা সকলেও জিলা তিনিখনত বুথ পৰ্যায়ৰ কৰ্মীক শক্তি বৃদ্ধি কৰিবলৈ প্ৰতিটো বুথ আৰু মণ্ডল সমিতিত নবীণ-প্ৰবীণ কৰ্মী সকল একগোট হৈ বিজেপিৰ শক্তিশালী কৰিবলৈ আহ্বান জনায়৷ বিজেপিৰ প্ৰতিটো কল্যাণমূলক আঁচনি ৰাইজৰ মাজলৈ নিয়াৰ আহ্বান জনায় আৰু তিনিখন জিলাৰ বাবে থকা একমাত্ৰ সাংসদ জন বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ সংকল্প লবলৈ আহ্বান জনায় ৷
আনহাতে তিনিখন পাৰ্বত্য জিলাৰ হৈ কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিভিন্ন দাবী সম্বলিত এক স্মাৰক পত্ৰ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ হাতত অৰ্পণ কৰে৷ দাবী সমূহ ক্ৰমে বিগত লোক সভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ শীৰ্ষ নেতা সকলে ভাৰতীয় সংবিধান ২৪৪(ক)ৰ আধাৰত স্বয়ত্ত ৰাজ্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিক সফল ৰূপায়ণ, জিলা তিনিখনৰ আবণ্টিত পূঁজীৰ পৰিমান বৃদ্ধি কৰা, প্ৰত্যক্ষ পূঁজী প্ৰেৰণ কৰা আৰু গ্ৰেটাৰ নাগালিমত কাৰ্বি ভূমিৰ মাটি অন্তৰ্ভূক্তিৰ বিৰুধিতা আদি৷