
গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ আঞ্চলিক ৰবীন্দ্ৰ জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৫৮ তম জন্ম জয়ন্তী অহা ৯-১০ মে’ত দুদিনীয়াকৈ আয়োজন কৰা হৈছে।
গোৰেশ্বৰ আঞ্চলিক কালী মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হ'বলগীয়া ৰবীন্দ্ৰ জয়ন্তী উদযাপন সমিতিৰ সভাপতি নিৰ্মল দেৱনাথ আৰু সম্পাদক মদন সাহাই জানিবলৈ দিয়া মতে, বৰ্ণিল কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হ'ব।
৯ মে'ত স্বচ্ছ অভিযান। ইয়াৰ পিছত মুখ্য দ্বাৰ উন্মোচন কৰিব গোৰেশ্বৰ নগৰ সমিতিৰ অধ্যক্ষ ধনঞ্জয় বসুমতাৰীয়ে। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰলৈ শ্ৰদ্ধাঞ্জলি আৰু প্ৰতিকৃতিত মাল্যাৰ্পন কৰিব উদযাপন সমিতিৰ সভাপতি নিৰ্মল দেৱনাথে।
ইয়াৰ পিছত বৃক্ষ ৰোপন কৰা হ’ব। দিনৰ ২ বজাত কবিতা আবৃত্তি, ৩ বজাত চিত্ৰাংকণ আৰু ৪ বজাৰ পৰা ৰবীন্দ্ৰ সংগীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব ৰাজ্য চৰকাৰৰ জলসিঞ্চন, ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাই। প্ৰাক্তন অধ্যাপক অজিত তালুকদাৰে উদ্ধোধন কৰিব ৰবীন্দ্ৰ সংগীতানুষ্ঠানৰ মঞ্চ। ১০ মে’ৰ সন্ধিয়া ৬.৩০ বজাত বিচিত্ৰানুষ্ঠান আৰু পুৰস্কাৰ বিতৰণী সভাৰ মঞ্চ উদ্ধোধন কৰিব বিটিচিৰ ই এম মহেশ্বৰ বসুমতাৰীয়ে।