
newsnextone.com | ওদালগুৰিঃ কোনেও বাদ পৰা নাই৷ অসমৰ দল-সংগঠন, শিল্পী সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক জ্যেষ্ঠ নাগৰিক, গায়ক অভিনেতা-অভিনেত্ৰী, ছাত্ৰ-ছাত্ৰী ৰাজ পথলৈ ওলাই আহিছে৷ যেন অসম আন্দোলনৰ সেই সময় চোৱাহে৷ সমাজৰ কোনো প্ৰকাৰৰ লোক প্ৰতিবাদ নকৰাকৈ থকা নাই৷ সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷ নাগৰিক সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহি গৰজি উঠিছে ৰাইজে৷
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ওদালগুৰিৰ বিশিষ্ট চিত্ৰশিল্পী ৰবিৰাম ব্ৰহ্মই আৰম্ভ কৰিছে প্ৰতিবাদ৷ হাতে হাতে ৰং-তুলিকা লৈ কণমানিৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ শিল্পীজনে চিত্ৰ অংকণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। শিল্পীগৰাকীৰ অধ্যক্ষতাত চলি থকা ওদালগুৰিৰ চিত্ৰকলাৰ মহাবিদ্যালয় "আৰ্টিজ ভিলেজ"ত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ব্ৰহ্মৰ নেতৃত্বত।
চিত্ৰকলা মহাবিদ্যালয়খনৰ প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰশিক্ষক, কোকৰাঝাৰ ফাইন আৰ্টৰ শিক্ষাৰ্থী, গুৱাহাটীৰ আৰ্ট কলেজৰ শিক্ষাৰ্থী তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে আন্দোলনত অংশগ্ৰহণ কৰি বিধেয়কখনৰ বিৰুদ্ধে ৰং তুলিকাৰে প্ৰতিবাদ সাব্যস্ত কৰে। চিত্ৰশিল্পী ৰবিৰাম ব্ৰহ্মৰ চিত্ৰ অংকনৰ দ্বাৰা এই আন্দোলনৰ আৰম্ভ কৰা হয়।
উল্লেখ্য যে, দেওবাৰে প্ৰতিবাদী কাৰ্যসূচীত চিত্ৰ শিল্পীসকলে চিত্ৰ অংকনৰ দ্বাৰা প্ৰতিফলিত কৰি তোলে বিধেয়কখনৰ ভয়াবহতাৰ দৃশ্য। অনুষ্ঠানটোত উপস্থিত থকা ৰাইজ তথা কণ কণ শিশুসকলক ভয়াবহতাৰ কথা বুজাই দিয়ে চিত্ৰশিল্পীসকলে। চিত্ৰশিল্পীগৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে এই বিধেয়কখন জাতিধ্বংসী বিধেয়ক। বিধেয়কখন গৃহিত হ'লে জাতিটোৱে অস্তিত্বৰ সংকটত ভুগিব। গতিকে আমি যিকোনো প্ৰকাৰে এই বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে।