
newsnextone.com | গুৱাহাটীঃ চলন্ত ৰে’লত হত্যাৰ বলি হোৱা শিৱসাগৰৰ যুৱতী ৰাধা কুমাৰীৰ হত্যাৰ ৰহস্যক লৈ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ৰে’ল বিভাগৰ দায়বদ্ধহীনতাৰ বাবে এনেদৰে চলন্ত ৰে’লৰ টয়লেতত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে বুধবাৰে ৰাধা কুমাৰীৰ শিৱসাগৰস্থিত বাসগৃহত উপস্থিত হয় শিৱসাগৰৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাঁ আৰু আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল।
দুয়োগৰাকী প্ৰশাসনিক বিষয়াই বাসগৃহত উপস্থিত হৈ শোকবিহ্বল পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰো আশ্বাস দিয়ে৷ ইফালে, ৰাধা কুমাৰীৰ হত্যাকাণ্ডৰ পিছত তৎপৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন৷ শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত যুৱতীগৰাকীৰ হত্যাৰ তদন্তৰ বাবে SIT গঠন কৰি তদন্ত আৰম্ভ কৰিছে৷
আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই সংবাদ মাধ্যমক জনোৱা মতে, সহকাৰী জিলা আৰক্ষী আয়ুক্ত আৰপি মীনাক SIT সমিতিৰ তদাৰকৰ দায়িত্ব প্ৰদান কৰা হৈছে৷ চলন্ত ৰে’লৰ ভিতৰত হত্যাৰ বলি হোৱা ৰাধা কুমাৰীৰ হত্যাকাৰীক অতি সোনকালে কৰায়ত্ব কৰা হ’ব বুলিও আশ্বাস প্ৰদান কৰে আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই৷
উল্লেখ্য যে, মঙলবাৰে পুৱা ৮ বজাত শিৱসাগৰ ৰে’ল ষ্টেচনৰ পৰা ফৰকাটিং ষ্টেচনলৈ আহিবলৈ যুৱতীগৰাকীয়ে নামনিমুৱা কামাখ্যা এক্সপ্ৰেছত উঠিছিল৷ কিন্তু ৰে’লত উঠাৰ কিছু সময় পিছতে শিমলুগুৰি ৰে’ল ষ্টেচনত যুৱতীৰ মৃতদেহ উদ্ধাৰ হয়৷
কোনো দুৰ্বৃত্তই ৰে’লৰ ডবাৰ টয়লেতত ধৰ্ষণ কৰি যুৱতীগৰাকীক হত্যা কৰাৰ সন্দেহ কৰা হৈছে৷ শিৱসাগৰ ষ্টেচনৰ পৰা শিমলুগুৰি ৰে’ল জংচন পাবলৈ সময় লাগে মাত্ৰ ১৭-২০ মিনিট৷ ইমান কম সময়ৰ ভিতৰতে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই ৰে’লৰ সুৰক্ষা ব্যৱস্থাক লৈ বৃহৎ প্ৰশ্ন উত্থাপন কৰিছে৷ গ্ৰীষ্ম বন্ধৰ বাবে যুৱতীগৰাকীয়ে শিৱসাগৰ ঘৰৰ পৰা মঙলবাৰে পুৱা গোলাঘাটৰ আইতাকৰ ঘৰলৈ ফুৰিবলৈ আহি মৃত্যুক আকোঁৱালি লয়৷