সংবাদ জগতৰ পিতামহ ৰাধিকা মোহন ভাগৱতীৰ মৃত্যু

নলবাৰীঃ দেশ আৰু জনগণৰ বাবে হাতত কলম তুলি লৈ আজীৱন জনগণৰ সেৱা কৰি শুকুৰবাৰে আমাৰ মাজৰ পৰা অচিনা দেশলৈ গুছি গল অসমৰ দৈনিক বাতৰি কাকতৰ পিতামহ জ্যেষ্ঠ সম্পাদক, পণ্ডিত তথা বিশিষ্ট বুদ্ধিজীৱী ৰাধিকা মোহন ভাগৱতীয়ে। অসমৰ সংবাদ জগতৰ নক্ষত্ৰগৰাকীয়ে শনিবাৰে পুৱা ৯.২০ বজাত ইণ্টাৰনেচনেল হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে।

১৯৩৩ চনৰ ১৯ জানুৱাৰিত জন্ম গ্ৰহণ কৰিছিল সংবাদ জগতৰ নক্ষত্ৰ ভাগৱতীযে। পঢ়া কালৰ পৰাই লিখা-মেলা কৰাৰ লগতে সমাজসেৱাৰ সৈতে জড়িত আছিল ভাগৱতী। সাংবাদিকতাৰ পথাৰত কেবাটাও দশক কাম কৰা বাগৱতীৰ মৃত্যুৰ খবৰ প্ৰচাৰ হোৱাৰ লগে লগে ৰাজ্যত শোকৰ ছাঁ পৰে। ৰাজ্যৰ সাংবাদিকৰ সংগঠনৰ লগতে, দল-সংগঠন তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোক প্ৰকাশ কৰে। তেওৰ মৃত্যুত অসমৰ সংবাদ জগতৰ অপুৰনীয় ক্ষতি হোৱাৰ লগতে অসমৰ সংবাদ জগতে অভিভাৱক হেৰুৱালে বুলি কয় ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিসকলে। ৰোগত আক্ৰন্ত হৈ দীৰ্ঘদীন ধৰি অসুস্থ হৈ আছিল বিশিষ্ট সাংবাদিক গৰাকী।

দৈনিক অসম, আজি দৈনিক বাতৰি কাকতৰ সম্পাদক সংবাদ জগতৰ নক্ষত্ৰ ৰাধিকা মোহন ভাগৱতীয়ে সাহিত্য অকাডেমি অনুবাদ বঁটা, আনাইৰাম নুনিছা সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা, আৰ এন বৰুৱা-প্ৰতিভা বৰুৱা সোঁৱৰণী জীৱনজোৰা বঁটা, 'সমন্বয় বঁটাৰে সন্মাণিত হৈছিল। অসমৰ সংবাদ জগতৰ পিতামহৰ মৃত্যুত নলবাৰীৰ নলবাৰী প্ৰেছ ক্লাৱ, নলবাৰী জিলা সাংবাদিক সন্থা, নলবাৰী জিলা প্ৰেছ ক্লাৱ, দক্ষিন নলবাৰী প্ৰেছ ক্লাৱে, গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷