সাহিত্য সভাই পাহৰিলে প্ৰতিথযশা সাহিত্যাক-বিহগী কবি ৰঘুনাথ চৌধাৰীক

নলবাৰীঃ প্ৰতিথযশা সাহিত্যাক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিহগী কবি ৰঘুনাথ চৌধাৰীক স্মৰণ কৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰাইজে৷ ৫০ সংখ্যক মৃত্যু দিৱস শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী-অসমৰ উদ্যোগত আৰু বৰক্ষেত্ৰী ন্যাসৰ সহযোগত বৰক্ষেত্ৰীৰ ৰামপুৰ প্ৰাথমিক বিদ্যালয়ত ৰঘুনাথ চৌধাৰীৰ স্মৃতি দিৱস আৰু কবিতা পাঠ অনুষ্ঠান অনুষ্ঠিত কৰি ৰাইজে বিহগী কবি ৰঘুনাথ চৌধাৰীক স্মৰণ কৰে।

নতুন সাহিত্য পৰিষদৰ বৰক্ষেত্ৰী শাখাৰ সভাপতি নগেন দাসৰ সঞ্চালনাত অনুষ্ঠিত বিশেষ অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট নাট্যকাৰ, অভিনেতা উদয় বৰ্মনে। ৰঘুনাথ চৌধাৰীৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ৰমাকান্ত গোস্বামীয়ে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে যোগগুৰু খগেন্দ্ৰ নাথ মেধিয়ে।স্মৃতিচাৰণ সভা আৰু কবিতা পাঠ অনুষ্ঠান উদ্বোধন কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে। তালুকদাৰে অসম সাহিত্য সভাই ৰঘুনাথ চৌধাৰীক পাহৰি যোৱা বুলি আক্ষেপ কৰে।

সভাত ৰঘুনাথ চৌধাৰীৰ স্মৃতি দিৱসটো সাহিত্য সভাই বিস্তৃতভাৱে পালন কৰিব লাগে বুলি কৈ প্ৰস্তাৱ লোৱাৰ উপদেশ দিয়াত এই প্ৰস্তাৱ গ্ৰহণ কৰি সাহিত্য সভালৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয়। স্মৃতিচাৰণ সভাৰ লগত সংগতি ৰাখি প্ৰতিবছৰে আগবঢ়াই অহা বিশেষ সম্বৰ্ধনা এইবাৰ বিৰিণা গোষ্ঠী-অসমে বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা পাপৰি মিনি থিয়েটাৰৰ হোতা চবিন চন্দ্ৰ পাঠকক প্ৰদান কৰে। অহা ২৬ ডিচেম্বৰত ইণ্ডিয়ান ৰিপোৰ্টাৰ এছোচিয়েছনৰ দ্বাৰা কলকাতাত সম্বৰ্ধিত হ’ব লগা সাংবাদিক সংগীতা মেধিকো অভিনন্দনমূলক সম্বৰ্ধনা জনায় বিৰিণা গোষ্ঠী, অসমে। কবিতা পাঠ অনুষ্ঠানত প্ৰায় কুৰি গৰাকী কবিয়ে স্ব-ৰচিত কবিতা পাঠ কৰে।