
ডিজিটেল ডেস্কঃ ভাৰতৰ ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ তথা বিশ্বৰ আগশাৰীৰ অৰ্থনীতিবিদ ৰঘুৰাম ৰাজনে বেংক অৱ ইংলেণ্ডৰ মুখ্য পদত বহিব পাৰে বুলি খবৰ প্ৰকাশ হৈছে৷ ৫৫ বছৰীয়া ৰঘুৰাম ৰাজনে এই পদ যদি লাভ কৰে তেন্তে প্ৰথমগৰাকী বিদেশী লোকে সেই আসনত বহিব৷ সংযুক্ত কিংডমৰ কেন্দ্ৰীয় বেংকৰ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়৷ এই পদৰ বাবে নিৰ্বাচিত হলে বেংকৰ বৰ্তমানৰ গভৰ্ণৰ মাৰ্ক কাৰ্ণীৰ ঠাই গ্ৰহণ দখল কৰিব ৰাজনে৷
timesofindia.comত প্ৰকাশিত খবৰ মতে, ইউকেৰ বিত্ত মন্ত্ৰী ফিলিপ হেমাণ্ডে বৰ্তমানৰ গভৰ্ণৰ মাৰ্ক কাৰ্ণীক আতৰাবৰ বাবে চিন্তা কৰাৰ লগতে সম্ভাব্য প্ৰাৰ্থী বিচাৰি থকা হৈছে বুলি কয়৷ এতিয়ালৈ আনুষ্ঠানিক ভাবে প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই যদিও আন আন প্ৰাৰ্থীৰো সন্ধান কৰা হৈছে৷
প্ৰকাশিত খবৰ মতে ৬গৰাকী লোকৰ মাজৰ পৰা বেংকটোৰ গভৰ্ণৰ নিয়োগ কৰা হ’ব৷ খবৰ মতে আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতি আৰু চেন্ট্ৰল বেংকৰ অভিজ্ঞতাৰ দিশ লক্ষ্য কৰি এই পদ ৰাজনে লাভ কৰাৰ আশা আছে৷