
ৰঙিয়াঃ ৰঙিয়া শৌলমাৰী ৰাজহ গাঁৱৰ চৰকাৰী গাঁওবুঢ়া ৰহিম আলীৰ বুধবাৰে মৃত্যু হয়। ৰঙিয়া মহকুমাৰ অন্তৰ্গত হিৰাগাটা, উত্তৰ বৰদল, দক্ষিণ বৰদলৰ গোসাঁই গাঁৱৰ গাঁওবুঢ়া ৰহিম আলীৰ মৃত্যু ৭১ বছৰ বয়সত মৃত্যুক আকোৱালি লয়৷
গাঁওবুঢ়া হিচাপে ৰাইজৰ বিভিন্ন কাম-কাজত জৰিত থকাৰ উপৰিও সামাজিক, ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জৰিত হৈ আছিল। অমায়িক, বিনয়ী স্বভাৱৰ আলীৰ মৃত্যুত তেওঁৰ এলেকাৰ গাঁওসমূহৰ লগতে ৰঙিয়া অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত ৰহিম আলীয়ে তিনিগৰাকী পুত্ৰ দুগৰাকী কন্যা ইহসংসাৰত এৰি থৈ যায়।