
নলবাৰীঃ কৌতুক অভিনেতা খাপলাং কাই ওৰফে ৰাহুল দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে নলবাৰী জিলা সাংবাদিক সন্থাই। সমগ্ৰ ৰাজ্যৰ লগতে তেওঁৰ মৃত্যুত নলবাৰী জিলাতো শোকৰ ছাঁ পৰে৷ অভিনেতাগৰাকীৰ মৃত্যুত নলবাহী জিলাৰ দল-সংগঠনে শোক প্ৰকাশ কৰে৷
নলবাৰী জিলা সাংবাদিক সন্থাৰ সভাপতি, নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা, প্ৰধান সম্পাদক ৰমেন কলিতা, যুটীয়া সম্পাদক সুভাষ ডেকা, বসন্ত দাস, জিলা প্ৰেছ ক্লাৱৰ সভাপতি কমলেশ শৰ্মা, প্ৰধান সম্পাদক ব্ৰজেন তালুকদাৰ, জিলা বাৰ্তাজীৱি সংঘৰ সভাপতি মজিবুৰ ৰহমান, সম্পাদক ৰূপ কুমাৰ শৰ্মা, জিলা আপকুৰ সভাপতি আব্দুল মজিদ, নলবাৰী প্ৰেছ ক্লাৱৰ সভাপতি জীতেন শৰ্মা, দক্ষিণ নলবাৰী প্ৰেছ ক্লাৱৰ সভাপতি কামিনী কান্ত মিশ্ৰ, সম্পাদক শংকৰ শৰ্মাই শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
দক্ষিন নলবাৰী প্ৰেছ ক্লাৱৰ সভাপতি আৰু সম্পাদকে এক বিবৃতি যোগে ৰাহুল দাসৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি কয়৷ বলিষ্ঠ অভিনয়ে অসমৰ অভিনয় জগতত এক আলোড়নৰ সৃষ্টি কৰাৰ লগতে দৰ্শকক হাঁহিৰ খোৰাক যোগোই আহিছিল আহিছিল বুলি কৈ দাসৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।