
নামতিঃ খাপলাং কাইৰ চৰিত্ৰত অভিনয় কৰি বিগত কেইবা বছৰ ধৰি অসমৰ দৰ্শকক আমোদ দি অহা বিশিষ্ট কৌতুক অভিনেতা ৰাহুল দাসৰ মৃত্যুত সমগ্র ৰাজ্যৰ লগতে গভীৰ শোকৰ ছাঁ পৰিছে শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি অঞ্চলটো।
নামতি প্রেছ গীল্ডৰ সম্পাদক ৰাতুল শর্মা আৰু সহকাৰী সম্পাদক জিয়াৰুদ্দিন আহমেদ এক বিবৃতি যোগে অভিনেতা ৰাহুল দাসৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি কয়৷
বলিষ্ঠ অভিনয়েৰে অসমৰ অভিনয় জগতত এক আলোড়নৰ সৃষ্টি কৰাৰ লগতে দৰ্শকক হাঁহিৰ খোৰাক যোগাই আহিছিল বুলি কৈ দাসৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
আনহাতে, নামতি আঞ্চলিক ছাত্র সন্থা, আটাছুৰ বৰুৱা পুখুৰী আৰু দিকচু আঞ্চলিক সমিতি, নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়, নামতি আঞ্চলিক আমছু, বৰ অসম প্রজা পৰিষদ, সংগ্রামী যুৱ ছাত্র পৰিষদৰ নামতি-দেওপানী আঞ্চলিক সমিতি, নামতি চাৰি আলি সন্মিলিত মুছলিম যুৱ সমাজ, খেজুৰিতল কলা ক্রীড়া সন্থা, দিকচু সন্মিলিত সাংস্কৃতিক সমাজৰ লগতে স্থানীয় ৰাইজে গভীৰ শোক প্ৰকাশ কৰিছে।