ৰাহুল গান্ধীক শুভেচ্ছা, দেবীতোলাত কংগ্ৰেছৰ মানৱ শৃংখল

ধুবুৰীঃ ধুবুৰী জিলাৰ ২৪নং গৌৰীপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত দেবীতোলা ব্লক কংগ্ৰেছৰ উদ্যোগত সোমবাৰে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি সৰ্বভাৰতীয় কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতি ৰাহুল গান্ধীক শুভেচেছৈ যাচে৷

সৰ্ব ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নৱ নিৰ্বাচিত সভাপতি ৰাহুল গান্ধীক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে দেবীতোলা ব্লক কংগ্ৰেছৰ সভাপতি নাচিৰ খানৰ নেতৃত্বত দেবীতোলা ব্লক কংগ্ৰেছৰ অস্থায়ী কাৰ্যালয়ৰ পৰা ৩১নং ৰাষ্ট্ৰীয় ঘাই পথ হৈ আলমগঞ্জ অৰ্দ্ধ সাপ্তাহিক বজাৰৰ মাজেদি গৈ গৰুহাটীত মানৱ শৃংখল কাৰ্যসূচীৰ সামৰণি পৰে৷

সভাত দেবীতোলা ব্লক কংগ্ৰেছৰ সভাপতি নাচিৰ খানে আগন্তুক লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীৰ নেতৃত্বত কেন্দ্ৰত কংগ্ৰেছ দলৰ চৰকাৰ গঠন কৰিব বুলি কয়৷ ধুবুৰী জিলা কংগ্ৰেছৰ সাধাৰন সম্পাদক নুৰুল আজম সৰকাৰ, গৌৰীপুৰ সমষ্টিৰ যুৱ কংগ্ৰেছৰ সাধাৰন সম্পাদক চিৰাজুল হক উপস্থিত থাকে৷