নিজৰ জীৱনক তুচ্ছ জ্ঞান, মুম্বাইত বন্ধুক বচাবলৈ গৈ প্ৰাণ গ’ল অসমৰ ৰৌলৰ

newsnextone.com | গুৱাহাটীঃ আনৰ জীৱন বচাবলৈ গৈ নিজৰ প্ৰাণ বিসৰ্জন দিলে অসমৰ এগৰাকী যুৱকে৷ মুম্বাইত অধ্যয়নৰত ছাত্ৰজনে ১২ মে’ৰ নিশা প্ৰায় ১০ বজাত সমনীয়াৰ সৈতে ফুৰিবলৈ গৈছিল আৰব মহাসাগৰৰ পাৰত৷ 

সেই সময়ত এগৰাকী বন্ধু সাগৰৰ পানীত নামী গৈছিল৷ তাৰ পিছতে সাগৰৰ ঢৌৱে বন্ধু জনক বহু দূৰলৈ লৈ যায়৷ পাৰত থকা অসমৰ যুৱকজনে সেই সময়তে কোনো কথা নভবাকৈয়ে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি নামি গৈছিল সাগৰত৷ বন্ধুৰ ওচৰ পাইছিল যদিও নিজেই বিপদত পৰে আৰু জীৱন বিসৰ্জন দিব লগা হয়৷ এই ঘটনাই শোকৰ ছাঁ পৰে অসমত৷ উদিয়মান সংস্কৃতিৰ দিশত প্ৰতিভা থকা যুৱক আছিল তেওঁ৷ 

১২ মে’ৰ নিশা মুম্বাইত অকাল মৃত্যুক সাৱটি লোৱা অসমৰ উদিয়মান যুৱক ৰৌল কৌশিক (ৰাহুল)ৰ মৃতদেহ সোমবাৰে গুৱাহাটী আহি পাব৷ এগৰাকী বন্ধুক বচাবলৈ গৈ মৃত্যুক আকোৱালি লব লগা হয় অসমৰ যুৱকজনে৷ গুৱাহাটীৰ আগশাৰীৰ ব্যৱসায়ী কৌশিক নাথৰ পুত্ৰ ৰৌল৷ আনহাতে যুৱকজন ছচিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয় আছিল৷