সংস্থাপন শূন্য, কৃষক মৰিছে, মোডীয়ে কয় আহক ইণ্ডিয়া গেটত যোগাসন কৰো, ৰাহুলৰ ভাষণৰ ১০টা কথা

ডিজিটেল ডেস্কঃ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালী বান্ধি সাজু হৈ উঠিছে দেশৰ প্ৰধান বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছ৷ নতুন দিল্লীত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৮৪সংখ্যক কংগ্ৰেছ মহাধিৱেশন৷ 

দিল্লীৰ ইন্দিৰা গান্ধী ইন্দ’ৰ ষ্টেডিয়ামত পতাকা উত্তোলন আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ জৰিয়তে মহাধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হয়৷ সভাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰম, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, পাঞ্জাৱৰ মন্ত্ৰী নৱজোৎ সিং সিদ্ধু আদিয়ে ভাষণ প্ৰদান কৰে৷ তাৰ লগে লগে মহাধিৱেশনৰ অন্যতম আকৰ্ষণ আছিল দলৰ নতুন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীৰ ভাষণ৷ 

⇒বিজেপিৰ পৰাজয়

⇒ৰাহুল গান্ধীয়ে ভাষণ প্ৰদান কৰি বিজেপি চৰকাৰ আৰআৰএছক তীব্ৰ সমালোচনা কৰে৷ ৰাহুল গান্ধীয়ে ২০১৯ চনত কংগ্ৰেছৰ বিজয় আৰু বিজেপিৰ পৰাজয় হ’ব বুলি স্পষ্ট কৰে৷ প্ৰধানমন্ত্ৰীকো মোডীক তীব্ৰ সমালোচনা কৰে৷

⇒বিজেপি কৌৰৱ, কংগ্ৰেছ পাণ্ডৱ

⇒ৰাহুল গান্ধীয়ে বিজেপিক কৌৰৱ আৰু কংগ্ৰেছত তুলনা পাণ্ডৱৰ সৈতে৷ কোনো শক্তিয়ে আমাক ন্যায়ৰ বাবে যুঁজ দিবলৈ বাধা দিব নোৱাৰে৷ কংগ্ৰেছে সদায় সত্যৰ বাবে যুঁজ দিয়ে আৰু দেশৰ ৰাইজে কংগ্ৰেছৰ পৰা বহু আশা কৰে৷ বিজেপিক আক্ৰমণ কৰি হত্যাকাণ্ডৰ অভিযুক্তক সভাপতি নিয়োগ কৰে বুলি অভিযোগ কৰে৷

⇒চীনৰ দখল 

⇒চীনে সকলো ঠাই দখল কৰিছে৷ আমাৰ বজাৰ, ঘৰ, ডোকলাম, পাকিস্তান, মালদ্বীপ, শ্ৰীলংকা চীনে দখল কৰিছে৷ এতিয়া পৃথিৱীত দুই ধৰণৰ লোকৰ ব্যৱসায় চলে৷ এক হৈছে আমেৰিকা আৰু দ্বিতীয় হৈছে চীন৷ অহা ১০ বছৰৰ ভিতৰত আৰু এটা ব্যৱসায় আৰম্ভ হ’ব সেয়া ভাৰতৰো ব্যৱসায় বিকাশ হ’ব৷ ভাৰতৰ স্কীলৰ কম নাই৷ 

⇒সংস্থাপন

⇒আজি আমাৰ কৰ্ম সংস্থাপন নাই৷ কৃষক মৰি আছে৷ মোডীয়ে কয় আহক ইণ্ডিয়া গেটত যোগাসন কৰো৷ আমি পৃথিৱীত বৃদ্ধি হ’ব ধৰা অৰ্থব্যৱস্থা কিন্তু দেশৰ যুৱ প্ৰজন্মৰ হাতত সংস্থাপন নাই৷

⇒মন্দিৰ দৰ্শন

⇒গুজৰাট নিৰ্বাচনৰ সময়ত তেওলোকে কয় মই মন্দিৰত বছৰ বছৰ ধৰি গৈ আছো৷ মন্দিৰতে নহয় মছজিদ, গুৰুদ্বাৰ আৰু চাৰ্চতো যাও৷ মোক যি ঠাইলৈ আমন্ত্ৰণ জনাই তালৈ যাও৷ সৰ্বধৰ্ম ভাৱক গুৰুত্ব প্ৰদান কৰো৷ ভগৱান সকলো ঠাইত আছে৷

⇒কংগ্ৰেছ নেতা-কৰ্মীৰ মাজ দেৱাল

⇒আমি পৰিৱৰ্তন কৰিব লাগিব৷ কংগ্ৰেছক সলনি কৰিব লাগিব৷ কংগ্ৰেছৰ নেতা-কৰ্মীৰ মাজত এখন দেৱাল আছে৷ দেৱালক ভাঙিব লাগিব৷ আমি ক্ষোভেৰে নহয় মৰম ভালপোৱাৰে জ্যেষ্ঠ নেতাক সন্মান কৰি দেৱাল ভাঙিব লাগিব৷ আমি গুজৰাটত সাধৰণ লোকক টিকট দিছো৷ তাৰ পিছত মোডী সমুদ্ৰ বিমানত দেখা গৈছিল৷ যদি আমি দেৱাল ভাঙিব পাৰো তেন্তে মোডীক চাবমেৰিণত দেখা পাম৷ পিএম মোডীৰ ছুট সলনি হ’ল৷ কাৰোবাৰ পেৰাছুটেৰে নেতাই টিকট নাপাব৷ কংগ্ৰেছৰ ভিতৰত আৰু বাহিৰত থকা সকলোৰে বাবে কংগ্ৰেছত ঠাই আছে৷ কংগ্ৰেছক পুৰণি কংগ্ৰেছৰ ৰূপত প্ৰত্যক্ষ কৰিব বিছাৰো৷  

⇒কৃষক 

⇒যদি কংগ্ৰেছ চৰকাৰ আহে কৃষকে ফুড প্ৰচেছিং ইউনিটলৈ গৈ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পাৰিব৷ চৰকাৰ আহিলে কৃষকক ৰক্ষা কৰিম৷ আমি চৰকাৰত থাকোতে ৭০ হাজাৰ কোটি ঋণ মাফ কৰিছো৷ 

⇒দেশত ভয়

⇒সমগ্ৰ দেশত ভয় আৰু আশংকাৰ পৰিৱেশ৷ কংগ্ৰেছে দেশৰ সংস্থাক ৰক্ষা কৰিব বিচাৰে৷ তেওলোকে কেৱল এটা সংস্থা আৰআৰএছৰ বচাব বিচাৰে৷
বিজেপিয়ে মানুহক ভয় খুৱাই৷ যদিও আপোনালোকে আমাৰ বিপক্ষে লিখে তথাপিও আমি আপোনালোকক ৰক্ষা কৰিম৷ দুই বিচাৰধাৰাৰ যুঁজ হ’ব আৰু আমাৰ বিচাৰ ধাৰা বিজয়ী হ’ব৷ বিজেপিয়ে নিৰ্বাচনত পৰাজয় বৰণ কৰিব৷ আপোনালোকে মোডীৰ দেহৰ পৰিৱৰ্তন দেখিছে৷ মোডীয়ে ভাবিছে গুজৰাটত কেনেবাকৈ ওলাই গলো কিন্তু ২০১৯ চনত ওলাই যাব নোৱাৰিম৷   

⇒গান্ধীৰ দল

⇒এইটো গন্ধীজীৰ সংগঠন৷ বাঘৰ সংগঠন এইটো৷ আমি কাকো ভয় কৰিব লগা নাই৷ মোডীৰ ছুট সলনি হৈছে৷ আমাৰ আৰু আএছএছৰ মাজত প্ৰাৰ্থক্য এই যে আমি ভুল কৰি ভুল বুলি কও কিন্তু বিজেপিয়ে ভুল কৰি ভুল বুলি নকয়৷ বিমুদ্ৰাকৰণ নতুবা জিএছটি হওঁক তেওলোকে ভুল স্বীকাৰ কৰা নাই৷ বিজেপিয়ে জিএছটি প্ৰচলন কৰি ভুল কৰিছে কিন্তু মোডীয়ে কেতিয়াও সাধাৰণ ভুল কৰা বুলিও নকয়৷ 

⇒মোডীয়ে নিজকে ভগৱান বুলি ভাৱে

⇒বিজেপিৰ লোকসকলে নিজকে আন কিবা বুলি ভাৱে৷ মোডীজীয়ে নিজকে ভগৱান বুলি ভাবে৷ ৰাফেল চুক্তি সম্পাদনত ৫৭০ কোটিৰ চুক্তি আছিল কিন্তু মোডী জীয়ে ১৬৭০ কোটি দিলে৷ আপোনালাকে যুঁজাৰু বিমানৰ কথা পাহৰি যাওক৷ যিগৰাকী লোকে পাচলি কিনিব নাজানে তেনে এজন লোকক ভৰষা কৰিছে৷ 

⇒উচ্চ শিক্ষা

আমাৰ চৰকাৰ আহিলে কেৱল টকা থকা লোকৰ বাবে নহয় আমি উচ্চ শিক্ষাৰ ক্ষেত্ৰ সলনি কৰিম৷