ৰাজ্যজুৰি কংগ্ৰেছে স্মৰণ কৰিলে ৰাজীৱ গান্ধীক, বিধেয়কৰ বিৰুদ্ধে উলিয়ালে সমদল

newsnextone,com | আমগুৰিঃ দেশৰ ষষ্ঠগৰাকী অতি কম বয়সৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সোমাবেৰ ২৭ সংখ্যাক মৃত্যু তিথি৷ ভাৰত ৰত্ন তথা আন এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পুত্ৰ ৰাজীৱ গান্ধীয়ে ৪০ বছৰ বয়সতে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈছিল৷ ১৯৯১ চনত ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ সন্মান ভাৰত-ৰত্ন উপাধিৰে সন্মান যাচে৷

১৯৮৪ চনৰ ৩১ অক্টোবৰত প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা ৰাজীৱ গান্ধীক ১৯৯১ চনৰ ২১ মাৰ্চত চেন্নাইৰ পৰা নিলগৰ এখন গাঁৱত তামিল উগ্ৰপন্থীয়ে আক্ৰমণ কৰাত মৃত্যুমুখত পৰে৷ কংগ্ৰেছে কেওঁলোকৰ জনপ্ৰিয় নেতাগৰাকীক সোমবাৰে বিভিন্ন কাৰ্যসূচীৰে স্মৰণ কৰে৷

নতুন দিল্লীত কংগ্ৰেছ কাৰ্যালয়ত কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা-কৰ্মীৰ উপস্থিত ৰাজীৱ গান্ধীক স্মৰণ কৰে কংগ্ৰেছীয়ে৷ সমগ্ৰ দেশৰ লগতে অসমতো কংগ্ৰেছৰ বিভিন্ন সমিতিয়ে প্ৰয়াত ৰাজীৱ গান্ধীক সোমবাৰে স্মৰণ কৰে৷ ৰাজীৱ গান্ধীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰাৰ বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা যাচে৷ সমানে প্ৰায়ত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যু দিনটোতে ৰাজ পথলৈ ওলাই আহিল কংগ্ৰেছ৷ 

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আমগুৰিত কংগ্ৰেছৰ নেতা-কৰ্মীয়ে ৰাজীৱ গান্ধীক স্মৰণ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। শিৱসাগৰৰ আমগুৰিত কংগ্ৰেছে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত দহ হাজাৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰক আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ভাৰত চৰকাৰক প্ৰদান কৰে। প্ৰয়াত প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যু তিথিৰ দিনটোতে আমগুৰি কংগ্ৰেছে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত দহ হাজাৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আমগুৰি সমষ্টি কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা সমদল উলিয়াই চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ বতাহ ৰঁপাই তোলে৷
শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি সুশান্ত বুঢ়াগোহাঁই, কংগ্ৰেছ নেত্ৰী আৰতী কছাৰী, গায়ত্ৰী সন্দিকৈ, অংকিতা দত্তৰ লগতে শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰা কাৰ্যসূচীত অসমীয়াৰ হাহাকাৰ দেশ চাৰখাৰ, এইয়াই বি জে পি চৰকাৰ, নায়ক হ’ব খুজি খলনায়ক হ’লি, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, শীৰ্ষক প্লে-কাৰ্ড প্ৰদৰ্শন কৰাৰ লগতে সৰ্বানন্দ গ’বেক, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি শ্ল’গানেৰে আমগুৰি মুখৰিত কৰি তোলে।