
ডিব্ৰুগড়ঃ জন্মভূমি আৰু আপোন মানুহৰ বাবে গান গাই মানুহৰ আপোন হৈ পৰা শিল্পী ৰাজীৱ শদিয়াক দেওবাৰে ‘বিপ্লৱী শিল্পী’ বঁটা প্ৰদান কৰে উজনি অসমৰ সক্ৰিয় দুটি জনগোষ্ঠীয় সংগঠনে৷ দৰিদ্ৰ, শ্ৰমিক, জাতি, মাটি আৰু মানুহৰ বাবে বিপ্লৱী গান গাই যুৱ প্ৰজন্মক জাতীয়তাবাদী হ’বলৈ প্ৰেৰণা যোগোৱা শিল্পী ৰাজীৱ শদিয়াই এই বঁটী গ্ৰহণ কৰি আবেগিক হৈ পৰে৷
সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সমিতি আৰু আৰু আমছুৰ ডিব্ৰুগড় জিলা সমিতিয়ে প্ৰদান কৰা বঁটা গ্ৰহণ কৰি উদীয়মান শিল্পী ৰাজীৱ শদিয়াই অসমীয়া জাতি জীয়াই থাকিবলৈ সকলো জাতীয়-জনগোষ্ঠীয় দল-সংগঠনক একগোট হ’বলৈ আহ্বান জনায়। বিশ্ব বিশ্ৰুত শিল্পী সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ চাউলখোৱা চাহ জনজাতি প্ৰেক্ষাগৃহত ৰাজ্যৰ চাৰিগৰাকী শিল্পীক মান পত্র, শৰাই, জাপি আৰু নগদ ধনেৰে সংগঠন দুটাই সম্বৰ্ধনা যাচে৷

সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সমিতি অাৰু সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়নৰ ডিব্ৰুগড় জিলা সমিতিয়ে লোহিত গগৈক জ্যেষ্ঠ শিল্পী বঁটা, ৰাজীৱ শদিয়াক উদীয়মান বিপ্লৱী শিল্পী বঁটা, বিদ্যুৎ বিকাশ চেতিয়াক অাৰু হৃতিস্মান দওক নিচুকনি শিল্পী বঁটা প্ৰদান কৰে৷ সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়নৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ইমতিয়াজ অালীৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই৷
শিল্পী কেইগৰাকীক বঁটা বিতৰণি কাৰ্যসূচীত সাংবাদিক সুৰক্ষা মঞ্চৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰ, সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱা, জাতীয় মহাসভাৰ কেন্দ্ৰীয় সভাপতি দয়ানন্দ শ্বাহ, লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি-সম্পাদক দিপজয় শইকীয়া, ধৰণি গগৈ, সাংবাদিক কনোজ শইকীয়া, মুক্তামনি হাজৰিকা, যাদৱ গগৈ, ডেভিদ বৰুৱা, সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়া, বিশ্ব বংশ সাহিত্য সংস্কৃতিৰ কাৰ্যকৰি সভাপতি চন্দন মজুমদাৰ,সমাজ সেৱক অশ্বিনী গগৈ, সদৌ অসম সংখ্যলঘু ছাত্র ইউনিয়নৰ ডিব্ৰুগড় জিলা উপদেষ্টা তথা বিশিষ্ট সমাজ সেৱক ছফি অালম খান, গণ শিল্পী মৃত্যুঞ্জয় কৰ্মকাৰ, গণ অধিকাৰ সংগ্ৰাম সমিতি সাঃ সম্পাদক মহিৰ উদ্দিন, সংখ্যালঘু ছাত্র ইউনিয়নৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰচিদ অাহমেদৰ লগতে শ-শ লোক অনুষ্ঠানটোত উপস্থিত থাকে৷