ৰাস্তাত কাণত ধৰি ক্ষমা খুজিবনে ৰাজাই, ৰকিয়ে ৰাজহুৱা কৰিলে স্নাতক উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ

উৎস ইন্টাৰনেট
উৎস ইন্টাৰনেট

newsnextone.com | গুৱাহাটীঃ কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু একালৰ ঘনিষ্ঠ সহযোগী অনিল ৰাজাৰ মাজত প্ৰতিদিনে এটা এটা নতুন বিষয়ক লৈ আৰম্ভ হয় বাকযুদ্ধ৷ কংগ্ৰেছৰ নিলম্বিত নেতা অনিল ৰাজাৰ বিৰুদ্ধে শুকুৰবাৰে পুনৰ সংবাদমেল অনুষ্ঠিত কৰি সৰৱ হৈ পৰিল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন৷ 

উল্লেখ্য যে, কিছুদিন পূৰ্বে অনিল ৰাজাই একালৰ সহযোগী ৰকিবুল হুছেইনে স্নাতক উত্তীৰ্ণ নোহোৱা বুলি দাবী কৰি ভুৱা প্ৰমাণ পত্ৰৰে নিৰ্বাচন খেলি অহা বুলি দাবী কৰে৷ ইমানে নহয় ৰকিবুল হুছেইনৰ বিধায়ক পদ খাৰিজ কৰিব লাগে বুলি দাবী উত্থাপন কৰিছিল ৰাজাই৷ বিধান সভাৰ অধ্যক্ষক সাক্ষাৎ কৰি বিধায়ক পদ খাৰিজ কৰিবৰ বাবে দাবী জনাইছিল ৰাজাই৷ আনহাতে প্ৰাক্তন মন্ত্ৰীগৰাকীক স্নাতক পৰীক্ষাত উত্তীৰ্ণৰ প্ৰমাণ ৰাজহুৱা কৰিবলৈও প্ৰত্যাহ্বান জনাইছিল অনিল ৰাজাই৷ লগতে নিৰ্বাচন আয়োগক ভুৱা তথ্য দিয়াৰ অভিযোগ উত্থাপন কৰি অনিল ৰাজাই ৰকিবুলৰ বিৰুদ্ধে আদালতৰ কাষ চপাৰ ভাবুকি দিছিল৷

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে অনিল ৰাজাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি বৃহস্পতিবাৰে নিশাই নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত প্ৰত্যাহ্বান স্বীকাৰ কৰা বুলি কৈ শুকুৰবাৰে সংবাদমেল যোগে সকলো ৰাজহুৱা কৰিব বুলি কৈছিল৷ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদ মেল অনুষ্ঠিত কৰি অনিল ৰাজাৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে ৰকিবুল হুছেইনে৷ সংবাদমেলত ৰকিবুল হুছেইনে একালৰ সহযোগী তথা এতিয়াৰ নিলম্বিত কংগ্ৰেছী নেতা অনিল ৰাজাক ৪২০ আখ্যা দি সমালোচনাৰে থকা-সৰকা কৰে৷ অনিল ৰাজাৰ মন্তব্যৰ কোনো সত্য সত্যতা নাই বুলি দাবী কৰি আদালতৰ পৰা ৰাজাই পৃষ্ঠভংগ দিছিল বুলি আট্টহাস্য কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে৷

ৰকিবুল হুছেইনে নিজৰ স্নাতক উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ ৰাজহুৱা কৰে৷ ৰকিবুল হুছেইনে মোৰ স্নাতক ডিগ্ৰী ভুৱা আৰু ইমান কম নম্বৰত কেনেকৈ মেডিকেলত স্থান লাভ কৰিলে তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছিল ৰাজাই বুলি কয়৷ অনিল ৰাজাৰ প্ৰত্যাহ্বান মই গ্ৰহণ কৰিছো৷ মোক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ ৰাজাই এনে কাণ্ড সংঘটিত কৰি গৈছে৷ তাৰ লগে লগে নগাঁও কলেজৰ অধ্যক্ষক প্ৰমাণ পত্ৰ দাখিল কৰা বুলি কয়৷ ৰকিবুলে ৰাজাৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰাৰ লগতে মই প্ৰত্যাহ্বান গ্ৰহণ কৰা বুলি কৈ অনিল ৰাজাই ৰাস্তাত কাণত ধৰি ক্ষমা খুজিবনে বুলি প্ৰশ্ন উত্থাপন কৰে৷ 

আনহাতে, সংবাদমেল সমাপ্ত হোৱাৰ পিছতে প্ৰথমে ভঙাগড় আৰক্ষী থানাত উপস্থিত হয় ৰকি৷ ভঙাগড় আৰক্ষীক স্নাতক পৰীক্ষাত উত্তীৰ্ণৰ প্ৰমাণপত্ৰ দাখিল কৰি অনিল ৰাজা আৰু নগাওঁ কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে গোচৰ তৰে৷ তাৰ পিছতে মন্ত্ৰী ৰকিবুল হুছেইনে বিধানসভাৰ অধ্যক্ষ আৰু মুখ্য সচিবৰ কাষ চাপে৷ অনিল ৰাজাৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগ কৰাৰ দাবী উত্থাপন কৰি ৰাজাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৰকিবুল হুছেইনে।

উল্লেখ্য যে, দল বিৰোধী কাৰ্যকলাপৰ বাবে কংগ্ৰেছে দলৰ পৰা বহিস্কাৰ কৰি অনিল ৰাজাই ৰকিবুলৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰি আহিছে৷ ৰকিবুল হুছেইনে দুৰ্নীতি সংঘটিত কৰি সম্পত্তিৰ পাহাৰ গঢ়া বুলি অনিল ৰাজাই অভিযোগ উত্থাপন কৰাৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱালে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছিল৷ সংবাদ মাধ্যমত ৰকিবুলৰ সম্পত্তিৰ তালিকাও প্ৰকাশ কৰিছিল৷