মদ-জুৱাৰ পৰা লাগে মুক্তি, ৰাজ পথলৈ ওলাই আহিল চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী

চাবুৱাঃ অসম চাহ মজদুৰ সংঘৰ ডিব্ৰুগড় শাখাৰ উদ্যোগত শুকুৰবাৰে মাদক দ্ৰব্য সেৱন বন্ধ কৰা, জুৱা নিষিদ্ধ কৰি ল'ৰা-ছোৱালী বিদ্যালয়লৈ যোৱাৰ আহ্বানেৰে ডিকমৰ হেজেলবেংক চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত এখন সজাগতা সভা অনুষ্ঠিত হয়।

সভাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি ৰবি বাৰলা, চাহ মজদুৰ সংঘৰ ডিব্ৰুগড় শাখাৰ সম্পাদক নবীন কেউট, আটছাৰ ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য কিচুন মুণ্ডা, অবিভক্ত জিলা শাখা আটছাৰ সভাপতি লক্ষিৰাম ৰাজগড়, উপ-সভাপতি বিজয় কৈৰী, ডিব্ৰুগড় জিলা চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক মণ্টু ৰবিদাস উপস্থিত থাকে৷

ডিকম শাখা আটছাৰ সভাপতি জয়কিচুন মুণ্ডা, লাহোৱাল শাখাৰ প্ৰচাৰ সম্পাদক সন্তোষ গোৱলা, হেজেলবেংক চাহ বাগিচাৰ সমাজ কল্যাণ বিষয়া আকাশ টপ্প, মোকালবাৰী, থানাই, হেজেলবেংক মহিলা সমিতি, হেজেলবেংক প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় শতাধিক ৰাইজ উপস্থিত থাকে।

সভাৰ পাছতে বাগিচাখনৰ প্ৰতিখন লাইনত মাদক দ্ৰৱ্য বন্ধ কৰক, কুকুৰা যুঁজ বন্ধ কৰক, জুৱা খেলা বন্ধ কৰক আদি শ্ল’গানৰে সমদল কৰে কেইবাশতাধিক লোকে। লাহোৱালৰ ৰমাই চাহ-বাগিছাতো আটছা, এচিএমএছ, এচিকেএছে মদ-জুৱাৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰে। সভাৰ সৈতে সংগতি ৰাখি জন-সজাগতাৰ লক্ষ্যৰে ছাত্ৰ-ছাত্ৰী, শ্ৰমিকৰ উপস্থিতিত বিশাল শোভাযাত্ৰা উলিয়াই৷