
তেজপুৰঃ এইবাৰ সেনাৰ মুখ্য কাৰ্যালয়ে স্থানান্তৰৰ দাবী জনালে তেজপুৰৰ বিতৰ্কিত সাংসদ ৰাম প্ৰসাদ শৰ্মাই৷ বৃহস্পতিবাৰে তেজপুৰত সাংবাদিকৰে মুখামুখি হৈ মিছন চাৰিআলিত থকা সেনাৰ চতুৰ্থ কৰৰ মুখ্য কাৰ্যালয় মিছামাৰিলৈ স্থানান্তৰ কৰাৰ দাবী জনালে সাংসাদ ৰামে৷
তেজপুৰৰ দুৱাৰ মুখ স্বৰূপ মিছন চাৰিআলিত থকা সেনাৰ চতুৰ্থ কৰ তথা মুখ্য কাৰ্যালয়ক লৈ ৰাইজৰ তীব্ৰ অসুবিধা হয় ফলত মুখ্য কাৰ্যালয় মিছামাৰিলৈ লৈ স্থানান্তৰ কৰাৰ দাবী জনালে সাংসাদ ৰামে৷ সেনাৰ চতুৰ্থ কৰৰ বাবে তেজপুৰবাসীৰ নানা অসুবিধা আৰু হাৰাসাস্তিৰ সন্মুখীন হয়।
গতিকে তেজপুৰ মহকুমাৰ মিছামাৰীত কেইবাহাজাৰ অব্যৱহৃত ভূমিত স্থানান্তৰ কৰাৰ দাবী জনালে ৰামে৷ এই দাবী জনাই দেশৰ প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীক দাবী জনোৱাৰ লগতে স্মাৰক পত্ৰও প্ৰেৰণ কৰা বুলি কয় সাংসদ ৰামে৷