লোক সংস্কৃতি অবিহনে অসমীয়া সমাজ জিলিকি নুঠিব-নলবাৰীত ৰামচৰণ ভৰালী

নলবাৰীঃ ঐতিহ্যমণ্ডিত নলবাৰীৰ ৰাস মহোৎসৱত উপস্থিত হ’ল অসমৰ জ্যেষ্ঠ সাংস্কৃতিক কৰ্মী, লোক শিল্পী, পাঠক ৰামচৰণ ভৰালী৷ নলবাৰী চহৰৰ শ্ৰীশ্ৰী হৰিমন্দিৰৰ প্ৰাংগনত অনুষ্ঠিত হৈ থকা ৮৪ সংখ্যক ৰাস মহোৎসৱ সমিতিয়ে সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা ঢুলীয়া প্ৰতিযোগিতা উন্মোচন কৰিবলৈ উপস্থিত হয় ভৰালী৷ বুধবাৰ আৰু বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে ঢুলীয়া প্ৰতিযোগিতা।

বৃহস্পতিবাৰে প্ৰতিযোগিতা উন্মোচন কৰি ৰামচৰণ ভৰালীয়ে লোক সংস্কৃতি যেনেকৈয়ে নহওক আমি ধৰি ৰাখিব লাগিব বুলি কয়। ইয়াৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে আমি সকলোৱে ঐক্যবদ্ধ হ’বৰ হল। চৰকাৰ সাতমপুৰুষীয়া এই সংস্কৃতিক ধৰি ৰখাৰ প্ৰচেষ্টা হাতত লওক।

লোক সংস্কৃতি অবিহনে অসমীয়া সমাজ ব্যৱস্থা জিলিকি নুঠিব বুলিও কয় ভৰালীয়ে। উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক অশোক কুমাৰ শৰ্মা, সম্পাদক পংকজ বৰ্মন, মনোজ কুমাৰ চৌধুৰী, হৰিমন্দিৰৰ সভাপতি চন্দ্ৰ কলিতা, সাধাৰণ সম্পাদক নগেন ডেকা, সাংস্কৃতিক বিভাগৰ হৰেণ ৰাজবংশী, গকুল মহন্ত, পাপৰি মালকৰ, সমাজকৰ্মী গনেশ তামূলী সহ বহু সংখ্যক বিশিষ্ট লোকৰ উপস্থিতিত উন্মোচন কৰে প্ৰতিযোগিতা৷