শোণিতপুৰৰ পতঞ্জলীত প্ৰতিবাদ

newsnextoneতেজপুৰঃ শোণিতপুৰৰ বালিপৰাৰ ঘোড়ামাৰীস্থিত পতঞ্জলিৰ উদ্যোগত ‍আজি সদৌ অসম মিস্ত্ৰি শ্ৰমিক সন্থাই  প্ৰতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তাল কৰি তোলে। পতঞ্জলী যোগপীঠৰ সতীনাথ বাৰালে মহাপুৰুষজনাক কৰা অপমান আৰু অসমীয়া জাতিক কৰা অপমানৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰি স্বামী ৰামদেৱৰ পুত্তালিকা দাহ কৰে। প্ৰতিবাদকাৰী আৰু সকলে কয় যে বাবা ৰামদেৱে হৰিদ্বাৰৰ পৰা ক্ষমা খুজিলে নহ’ব তেখেতে অসমলৈ অাহি ক্ষমা খুজিব লাগিব৷ 

তেজপুৰৰ পৰা মনিমালা বৰা ৪ অক্টোবৰ