
তেজপুৰঃ সুৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মা। দুৰ্গা পূজাৰ সময়ত সুৰাৰ প্ৰচলন সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ আগত সাংসদ শৰ্মাই কয় যে সুৰাৰ দ্বাৰা যোৱা তিনি দিনত বহু লোকচান হ’ল। লগতে প্ৰাণ হানি হ’ল বহু কেইবাজনৰো৷
ৰাজ্য চৰকাৰে অসম গৌৰৱ এশিঙিয়া গঁড়ক বদনামী কৰি গঁড়ৰ নামত সুৰা উলিওৱাটো লজ্জাজনক হোৱাৰ লগতে ইয়ে অসম চৰকাৰকো বদনামী কৰিছে বুলি মত প্ৰকাশ কৰে সাংসদ শৰ্মাই৷
আনহাতে সুৰা বিক্ৰি কৰি চৰকাৰে সংগ্ৰহ কৰা ৰাজহৰ বিষয়ে উত্থাপন কৰি তেওঁ কয় যে সুৰাৰ জৰিয়তে সংগ্ৰহ হোৱা ৰাজহ অসমৰ উন্নয়নৰ বাবে খৰচ কৰিব লাগে৷
আনফালে পূজাৰ সময়ত শ শ জীৱ-জন্তুৰ বলি প্ৰদান কৰা কাৰ্যৰ বিৰোধিতা কৰি সাংসদ শৰ্মাই সকলোকে নিৰামিষ ভোজী হ’বলৈ আহ্বান জনোৱাৰ লগতে ঈদৰ সময়ত গৰু-ছাগলীৰ কুৰবানী দিয়া কাৰ্যৰো পূৰ্ণ বিৰোধিতা কৰে সাংসদ ৰাম প্ৰসাদ শৰ্মাই৷