১৫ বছৰত ধৰ্ষিতা হৈছিল জাৰ্মান অভিনেত্ৰী ৰেনেট

ডিজিটেল ডেস্কঃ যৌন নিৰ্যাতনৰ পুনৰবাৰ আৰোপ লাগিল ছবিনিৰ্মাতা ৰোমন পোলংস্কীৰ ওপৰত। এইবাৰ আৰোপ লগাইছে জাৰ্মানীৰ এটা সময়ৰ মোহময়ী অভিনেত্ৰী ৰেনেট লিংগৰে। চতুৰ্থ বাৰৰ বাবে বলাৎকাৰৰ দৰে ঘৃণনীয় কাণ্ডৰ সৈতে জড়িত হৈ পৰিছে ৰোমন পোলংস্কী। 

নিউৱৰ্ক টাইমচৰ বাতৰি অনুসৰি ৬১ বছৰীয়া ৰেনেট লিংগৰে আৰক্ষীৰ ওচৰত ৪৬ বছৰ পুৰণি এটা গোচৰ তৰে। এই গোচৰটোত পোলংস্কীয়ে ৰেনেটক ১৫ বছৰ বয়সতে বলাৎকাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। 

লিংগৰ ‘ৰোজমৈৰী বেবী’ৰ দৰে ছবি নিৰ্মাতা ৰোমন পোলংস্কীৰ ওপৰত সৰ্বজনীক ভাবে যৌন উৎপীড়নৰ আৰোপ লগোৱা চতুৰ্থ গৰাকী মহিলা। ইয়াৰ পূৰ্বেও আন তিনি গৰাকী মহিলাই পোলংস্কীৰ বিৰুদ্ধে বলাৎকাৰৰ গোচৰ তৰিছিল। 

photo from-internet

অভিযোগকাৰী ৰেনেটে ‘নিউৱৰ্ক টাইমচ’ নামৰ সংবাদ মাধ্যমটোত দিয়া এক সাক্ষাৎকাৰত কয় যে- পোলংস্কীয়ে তেওৰ ১৫ বছৰ বয়সত বলাৎকাৰ কৰাৰ পাছত পৰিয়ালৰ দুৰ্নামৰ কথা ভাবিয়ে সেই কথা কাৰো আগত প্ৰকাশ কৰা নাছিল৷

আনহাতে ৰেনেটৰ মাকৰো স্বাস্থ্য ও ভাল নাছিল আৰু যদিহে তেওঁ এই বিষয়ে মাকক অৱগত কৰিলেহেঁতেন, নিতান্তই মাকৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰিলেহেঁতেন৷ সেয়ে লাজ, ভয়, অপমান, নিৰাশা আৰু অকলশৰীয়া অনুভৱ কৰি তেওঁ এই দুৰ্দশাৰ কথা কাকো  খুলি কব পৰা নাছিল। 

আনপিনে বৰ্তমান ছবিনিৰ্মাতা পোলংস্কী তেওঁৰ আহিবলগীয়া নতুন ছবি ‘বেষ্ট অন ট্ৰু ষ্ট'ৰী’ৰ প্ৰচাৰত ব্যস্ত থকা বুলি জানিব পৰা গৈছে৷