
newsnextone.com| তেজপুৰঃ ৰঙাপাৰাত উদ্ধাৰ কৰা হ’ল এটা হাতী পোৱালি৷ ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাৰ ১৭ নং চেকচনৰ এটা নলাত উদ্ধাৰ হাতীৰ পোৱালিটো৷ ২/৩ মহীয়া হাতীৰ পোৱালিটো নলাৰ পৰা বাগিচাৰ একাংশ যুৱকে উদ্ধাৰ কৰে৷ নিশা বনৰীয়া হাতীৰ জাক পৰা পোৱালিটো বাগিচাৰ নলাত সোমাই পৰে৷ হাতীৰ পোৱালিটো শুঁৰত আঘাত পোৱাৰ উপৰিও নেজ আৰু শৰীৰত কিছু আঘাত পায়৷ মাকে পোৱালিটো নলাৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে শুৰত আঘাত পোৱাৰ সন্দেহ কৰা হৈছে৷ পাছত বন বিভাগৰ লোক উপস্থিত হৈ হাতীৰ পোৱালিটো আমাৰীবাৰী বন কাৰ্যালয়লৈ লৈ যায় ৷