আন্দোলনৰ আহতসকলৰ আশু আৰোগ্য কামনাৰে আছুৰ বন্তি প্ৰজ্বলন

♦ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বি জে পিৰ ষড়যন্ত্ৰ ব্যৰ্থ 

ৰঙিয়াঃ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে অৱশেষত অসমীয়া জাতিৰ মৃত্যুশেলৰূপী নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰাত ব্যৰ্থ হোৱাৰ পাছত সাময়িকভাৱে স্বস্তিৰে নিস্বাস এৰিছে অসমবাসী ৰাইজে৷

সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি অসমৰ সকলো জাতীয় দল সংগঠন আৰু প্ৰতিজন অসমপ্ৰেমী লোকে এই বিশেষ মুহূৰ্তত আনন্দ উল্লাস কৰি বিজয় উৎসৱ পালন কৰিছে৷

বি জে পিৰ জাতিধ্বংসী ষড়যন্ত্ৰ ব্যৰ্থ কৰি জাতিক বচাবলৈ গঢ়ি উঠা আন্দোলনত যিসকল লোকে অংশগ্ৰহণ কৰি নিজৰ জীৱনকো তুচ্ছ কৰি তুলিলে সেইসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ সদৌ অসম ছাত্ৰসন্থাই আজি ৰাজ্যজুৰি আয়োজন কৰিছে বন্তি প্ৰজ্বলন কাৰ্যসূচী৷

আজিৰ এই বিশেষ মুহূৰ্তত আছুৱে অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদৰ আত্মাকো সজল নয়নেৰে সোঁৱৰে৷ ৰঙিয়াতো আজি আছুৱে চহৰখনৰ গান্ধী মণ্ডপৰ সম্মুখত বন্তি প্ৰজ্বলন কৰি শ্বহীদৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ উপৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনত চৰকাৰী পক্ষৰ হাতত শাৰীৰিকভাৱে নিৰ্যাতিত লোকসকলৰ আশু আৰোগ্য কামনা কৰে৷ ৰঙিয়া আঞ্চলিক ছাত্ৰসন্থাৰ সভাপতি জয়ন্ত শৰ্মা আৰু সাধাৰণ সম্পাদক মৃন্ময় কুমাৰ ডেকাৰ উপৰি কামৰূপ জিলা ছাত্ৰসন্থাৰ তৌফিকুৰ ৰহমানকে ধৰি ভালেসংখ্যক নেতা কৰ্মী এই অনুষ্ঠানত উপস্থিত থাকে৷