
ৰঙিয়াঃ ৰঙিয়াৰ প্ৰায় ৭০০শ্ৰমিকে এতিয়া প্ৰতিটো দিনেই হাহাকৰ কৰি পাৰ কৰিব লগা হৈছে৷ এসাজ ভাতৰ বাবে ককবকাব লগা হয় সন্তানৰ সন্মুখত৷ তেওলোকৰ সন্তানে দুখৰ দিন পাৰ কৰিব লগা হয়৷ কাৰণ তেওলোকে চৰকাৰৰ চাকৰি কৰে যদিও দৰমহা কেইটা সময় মতে নাপায়৷ তেওলোকে কাম কৰা উদ্যোগটো মৃত্যুৰ সৈতে যুজিছে বাবে চৰকাৰে প্ৰয়োজন অনুভৱ নকৰে তেওলোকক তথা শ্ৰমিক-কৰ্মচাৰিসকলক৷ কোনোবা ৰামদেৱ, ভূৰকিয়া, লোহিয়াক চৰকাৰে মাটি-ৰাজসাহায্য দিবলৈ সাজু থাকে যদিও থলুৱা দৰিদ্ৰ শ্ৰমিকক সহায় কৰিবলৈ কুন্ঠাবোধ কৰে৷ ৰঙিয়াৰ তুলসীবাৰীৰ এপ’ল মিলৰ কৰ্মচাৰি-শ্ৰমিকৰ দুখ কোলাই-পাচিয়ে নধৰা হৈছে৷
বাৰে বাৰে দল-সংগঠনে চৰকাৰক শ্ৰমিকৰ দৰমহা মুকলি কৰি দিয়াৰ লগতে উদ্যোগটো পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে ৰাজ্যৰ শাসকীয় মিত্ৰজোঁটৰ চৰকাৰৰ অংশীদাৰ অগপই এইবাৰ প্ৰতিবাদত নামে৷ দেওবাৰে সকলো কাৰ্যালয় বন্ধ থকাৰ দিনটোতে ৰাজ্যৰ একমাত্ৰ দলটোৱে প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰঙিয়া অগপ আৰু ভাতৃ সংগঠন যুৱ পৰিষদে ৰঙিয়া তুলসীবাৰীস্থ এপ'ল মিল পুনৰুজ্জীৱিত কৰাৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত-বিৰদত্ত ভৱনৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে দলটোৱে৷ কেইবা শতাধিক নেতা-কৰ্মীৰ লগতে কেন্দ্ৰীয় সমিতিৰ সমিতি নেতা তথা কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা, ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন শিক্ষা মন্ত্ৰী থানেশ্বৰ বড়ো, ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকা, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি সুনিল ডেকা, কাৰ্যকাৰী সভাপতি জিতু বৰগোঁহাই আদি উপস্থিত থাকে।
তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থকা কেন্দ্ৰীয় নেতাসকলে বস্ত্ৰ উদ্যোগ পুনৰুজ্জিৱীত কৰাৰ বাবে ৰাজ্য চৰকাৰক দাবী জনোৱাৰ লগতে এপ'ল মিলটোৰ সন্দৰ্ভত ৰাজনীতি নকৰিবলৈ সকলো পক্ষকে সকীয়াই দিয়ে। বিশেষকৈ ৰঙিয়া সমষ্টিৰ প্ৰক্তন বিধায়ক তথা অগপ নেতা অনন্ত ডেকাই এপ'ল মিলটো বন্ধ হোৱাৰ পিচৰে পৰা শ্ৰমিকসকলে জীৱন-জীবিকাৰ বাবে সাংঘাটিক সমস্যাত পৰা বুলি কয়৷ দীৰ্ঘদিন ধৰি এপ'লৰ শ্ৰমিকসকলে ৰঙিয়াৰ বিভিন্ন দল-সংগঠনৰ সহযোগত আন্দোলন কৰি ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে যদিও যোৱাটো কংগ্ৰেছ চৰকাৰে গুৰুত্ব নিদিয়াৰ ফলত এটা এটাকৈ মিলটোৰ তিনিটা বিভাগে বন্ধ হৈ পৰিল বুলি ক্ষোভ জাহিৰ কৰে অনন্ত ডেকাই৷
ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা বিধান সভা নিৰ্বাচনৰ সময়ত এপ'ল মিলৰ সন্দৰ্ভত মন্তব্য আগবঢ়ায় মিলটো পুনৰিজ্জীৱিত কৰাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু শাসনভাৰ লোৱাৰ পিছৰ পৰা বৰ্তমান চৰকাৰ খনেও পুৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰেই মিলটোক পিঠি দিয়া বুলি ৰঙিয়াৰ প্ৰাক্তন বিধায়ক জনে ভাষণত উল্লেখ কৰে । আনহাতে ৰাজ্যৰ বৰ্তমানৰ চৰকাৰখনে কিছু পৰিমানে এপ'ল মিলটো কাৰ্যক্ষম কৰাৰ বাবে ধন মোকলাই দিয়াৰ কথা ঘোষণা কৰিছিল সেইখিনিও মুকলি কৰি নিদিয়াৰ ফলত আন এক সমস্যাত পৰা বুলি কয় এপ'ল মিলৰ কৰ্মচাৰীসকল।
এনেস্থলত মিলটো জীয়াই ৰাখিবলৈ ৰঙিয়াৰ সকলো দল-সংগঠনে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ ডেকাই সকলোকে আহহ্বান জনায়। ইফালে প্ৰতিবাদী কাৰ্যসূচীত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি সুনিল ডেকাই অগপ আৰু অসম যুৱ পৰিষদৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছত ৰাজ্য চৰকাৰে ৰঙিয়া এপল মিলৰ সন্দৰ্ভত কোনো পদক্ষেপ নললে অসম যুৱ পৰিষদে দিছপুৰ ঘেৰাও কৰিব বুলি হুংকাৰ দিয়ে৷