খাটিখোৱা শ্ৰমিকৰ মুখৰ হাঁহি নোহোৱা হ’ল, আকৌ এপ’লমিল পুনৰুজ্জীৱিত কৰাৰ দাবীত প্ৰতিবাদ

newsnextone.com | ৰঙিয়াঃ মৃত্যুৰ সৈতে যুঁজ দি থকা ৰঙিয়া এ’পল মিলৰ শ্ৰমিক-কৰ্মচাৰিসকলে যোৱা ৮ মাৰ্চত বিজয় উৎসৱ পালন কৰিছিল৷ বিজয় উৎসৱত অংশ লৈছিল ৰঙিয়াৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই৷ ঐতিহ্যমণ্ডিত ৰঙিয়া এপ’ল মিলৰ শ্ৰমিক-কৰ্মচাৰীয়ে বিজয় উৎসৱ পালন কৰাৰ লগতে শুকান মুখত এমোকোৰা হাঁহি বিৰিঙি উঠিছিল৷ চকুলো টুকি বছৰ বছৰ পাৰ কৰা শ্ৰমিক-কৰ্মচাৰীয়ে দুৰ্বিষহ জীৱনৰ অন্ত পৰিব বুলি ভাবিছিল৷ শ্ৰমিকসকলে পেটৰ ভোকৰ তাড়নাত হাহাকাৰ কৰি পাৰ কৰাৰ সময়তে ৰাজ্য চৰকাৰে মিলটো পুনৰ কাৰ্যক্ষম কৰাৰ বাবে দহ কোটি টকা ধাৰ্য কৰে৷ কেবিনেট বৈঠকত এই সিদ্ধান্ত লৈছিল চৰকাৰে৷

যাৰ ফলত আবতৰীয়া হোলী খেলি আনন্দত আত্মহাৰা হৈ পৰিছিল শ্ৰমিক-কৰ্মচাৰীসকল৷ উৎফুল্লিত হৈ পৰিছিল এ’পল মিলৰ শ্ৰমিকসকলৰ লগতে তুলসীবাৰী অঞ্চলৰ ৰাইজ, শ্ৰমিক সন্থা আৰু স্থানীয় দল-সংগঠনৰ নেতা-কৰ্মীয়ে৷ অৱশেষত যেন, ৰঙিয়াৰ এপ’ল মিলৰ ৭০০ শ্ৰমিকৰ মুখত পুনৰ হাঁহি বিৰিঙ উঠিছিল৷

প্ৰতিটো দিনেই হাহাকৰ কৰি পাৰ কৰিব লগা হৈ অহা শ্ৰমিক-কৰ্মচাৰীসকলে যেন বহু দিনৰ মূৰকত হাঁহিছিল সঁচা কিন্তু কাৰ্যক্ষেত্ৰত আজিলৈ ৰঙিয়া এ’পল মিলৰ কাম কাজ আগবঢ়া নাই বুলি অভিযোগ উত্থাপন হৈছে৷ ফলত পুনৰ ৰঙিয়া এ’পল মিলৰ কাৰ্যক্ষম কৰাৰ দাবীত পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে৷ 

ৰঙিয়াত নতুনকৈ আত্মপ্ৰকাশ ঘটা ৰাজনৈতিক দল অসম জাতীয় দলে ৩৬ ঘণ্টীয় অৱস্থান ধৰ্মঘট ৰূপায়ন কৰি এ’পল মিলৰ কাৰ্যক্ষম কৰাৰ দাবী জনায়। শনিবাৰে পুৱাৰ পৰা ৰঙিয়া চহৰত আৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয় দলে। দলটোৰ সভাপতি ৰূপক দাস, কাৰ্যকাৰী সভাপতি জয়ন্ত কুমাৰ কলিতা আৰু সাধাৰণ সম্পাদক অৰূপ দাসে অনশন কাৰ্যসূচীত অংশ লৈ অসম চৰকাৰে পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি ৰঙিয়াৰ বস্ত্ৰ উদ্যোগ পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনায়৷

কিন্তু চৰকাৰখনে দুটা বছৰ শাসন কৰিও মিলটো উদ্ধাৰৰ ব্যৱস্থা নকৰিলৈ বুলি কয় দলটোৱে। আনকি যোৱা তিনিমাহ পূৰ্বে ৰাজ্য চৰকাৰে প্ৰায় দহ কোটি টকা মিলটো পুনৰ কাৰ্যক্ষম কৰাৰ বাবে মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজিলৈ চৰকাৰে ধন মোকলাই নিদিয়াত মিলটোৰ শ্ৰমিক-কৰ্মচাৰীসকল হাহাকাৰ কৰিব লগা হৈছে বুলি কয় দলটোৱে৷