ৰঙিয়াত ৰকেট, পেট্ৰলে পেলালে বিপদত

ৰঙিয়াঃ দিন বেয়া আছিল ৰকেটৰ৷ যাৰ বাবে ৰাইজৰ মাৰত লেবেজান হ’ল ৰকেট৷ বুধবাৰে ৰঙিয়া চহৰত ৰকেট নামৰ যুৱক এজনক বাইক চোৰ বুলি সন্দেহ কৰি ৰাইজে মাৰধৰ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, ৰঙিয়া চহৰত ৩১নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিৰ চেভ নামৰ ধাবাৰ সন্মুখত বুধবাৰে পুৱা প্ৰায় ৯.৩০ বজাত এজন যুৱকৰ বাইকত পেট্ৰল নোহোৱা হয়৷

AS-01-BR-2953 নম্বৰৰ এখন পালছাৰ লৈ গুৱাহাটীৰ দিশৰ পৰা নলবাৰীৰ অভিমুখে আহি থকা অৱস্থাতে চেভ নামৰ ধাবাৰ সন্মুখত পেট্ৰল নোহোৱা হয়৷ বাইকখনৰ বিজুতি হোৱা বুলি সন্দেহ কৰি সহায় কৰাৰ উদ্দেশ্যেৰে স্থানীয় দুজন যুৱক আগবাঢ়ি আহে৷ বাইক খনৰ তেল নাই বুলি যুৱকেইজনে অৱগত হোৱাত টেংকী খুলি চাব দিলে৷ কিন্তু বাইক লৈ অহা যুৱকজনে তেলৰ টেংকী খুলিবলৈ ইচ্ছা নকৰাত স্থানীয় যুৱক কেইজনৰ সন্দেহ ওপজে।

উক্ত সময়তে নাটকীয় ভাবে এখন চেন্ট্ৰ গাড়ী বাইকখনৰ ওচৰলৈ আহে৷ বাইকখনত তেল ভৰাবলৈ চেষ্টা কৰে যদিও স্থানীয় যুৱকেইজনৰ সন্দেহ ওপজে৷ স্থানীয় যুৱক কেইজনে প্ৰতিবাদ কৰি বাইক আৰোহি জনক আৱদ্ধ কৰে। লগে লগে চেন্ট্ৰ খনত অহা যুৱককেইজনে পলায়ন কৰে।

ইফালে পালচাৰ খনৰ হেণ্ডেলৰ ল'কটো ভঙা থকাৰ প্ৰতি লক্ষ্য কৰি বাইকখন চুৰি কৰি অনাটো নিশ্চিত হৈ যুৱক জনক গণ প্ৰহাৰ দিয়ে একাংশ লোকে। গণ প্ৰহাৰত লেবেজান হোৱা যুৱকজন সৰ্থেবাৰীৰ ৰকেট আলী (৩২) বুলি জানিব পৰা গৈছে৷ বাই চোৰ বুলি সন্দেহ কৰি মাৰধৰ কৰা যুৱকজনৰ অৱস্থা সংকট বুলি জানিব পৰা গৈছে। আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ আহত ৰকেট আলীক জি এম চি এইছলৈ প্ৰেৰণ কৰে।