
newsnextone.com | ৰঙিয়াঃ ৰাজ্যত আজিও প্ৰতিবাদ অব্যাহত আছে৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ কেইবাটাও সংগঠনৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ অব্যাহত ৰাখিছে৷ সোমবাৰেও সংগঠনটোৱে ৰাজ্যৰ কেইবা ঠাইত প্ৰতিবাদ সাব্যস্ত কৰে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি বাংলাদেশৰ হিন্দু শৰণাৰ্থী অসমত সংস্থাপন কৰিব নিদিয়াৰ হুংকাৰ দি আৰু অসমৰ পৰা হিন্দু-মুছলমান উভয় বিদেশীক বিতাড়ণ কৰাৰ দাবী জনাই সোমবাৰে ৰঙিয়াত বৃহৎ সমদল উলিয়াই জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷
সোমবাৰে পুৱাৰে পৰা ৰঙিয়াৰ ভিন্ন প্ৰান্তৰ পৰা ৰাইজ ওলাই আহি পূৱ ৰঙিয়া প্ৰগতি ময়দানত সমবেত হয়৷ দিনৰ ১ বজাত যুৱ-ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতিৰ সভাপতি ৱাহেদুৰ ৰহমান আৰু সাধাৰণ সম্পাদক কৰেন্দ্ৰ কলিতাৰ নেতৃত্বত পূৱ ৰঙিয়া প্ৰগতি ময়দানৰ পৰা বিশাল প্ৰতাবাদী সমদল আৰম্ভ হয়৷ প্ৰতিবাদকাৰীসকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী হুচিয়াৰ, জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল হায় হায়, অসমীয়াক সংখ্যালঘুত পৰিণত কৰাৰ ষড়যন্ত্ৰ নচলিব, জাতীয় নায়ক সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰক, বিজেপি চৰকাৰ মুৰ্দাবাদ, অসম চুক্তিক নস্যাৎ কৰিব দিয়া নহ’ব আদি শ্ল’গান দি চহৰৰ আকাশ বতাহ কঁপাই তোলে৷
কাৰ্যসূচীত যুৱ-ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা জ্যোতিৰ্ময় কলিতা, উপদেষ্টা ৰঞ্জন উপাধ্যায়, কেন্দ্ৰীয় সহকাৰী সম্পাদক বিদ্যুৎ ডেকা, ক্ৰীড়া সম্পাদক তৰুণ দাসকে ধৰি ভালেসংখ্যক নেতাই অংশগ্ৰহণ কৰে৷ সমদলৰ আৰম্ভ কৰাৰ পূৰ্বে এখন প্ৰতাবাদী সভা অনুষ্ঠিত হয়৷ সভাত ৰঙিয়াৰ প্ৰাক্তন বিধায়ক তথা অগপ নেতা অনন্ত ডেকা, ৰঙিয়া জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি নৰেন্দ্ৰ শৰ্মা আৰু সংগ্ৰামী নেতা হৰেশ্বৰ বৰ্মনে ভাষণ প্ৰদান কৰে৷ প্ৰাক্তন বিধায়ক অনন্ত ডেকাই মোডী চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি নৰেন্দ্ৰ মোডীয়ে ৰাজ্যখনত স্থায়ী ভোটবেংক সৃষ্টি কৰি ক্ষমতাৰ বাঘজৰী হস্তগত কৰি ৰখাৰ স্বাৰ্থতে নাগৰিকত্ব সংশোধনী বিধেয়কখন সংসদত গৃহীত কৰিব বিচাৰিছে বুলি কয়৷
বিধেয়কখন আইনত পৰিণত হ’লে অসমীয়া জাতি চিৰ দিনৰ বাবে অপৰিচিত হৈ পৰিব। বিজেপি চৰকাৰে এই আইনৰ সুবাদতে বাংলাদেশৰ পৰা লক্ষ লক্ষ হিন্দু নাগৰিক অসমত প্ৰৱেশ কৰোৱাই নাগৰিকত্ব প্ৰদান কৰি ভোট বেংক মজবুত কৰিব৷ প্ৰাক্তন বিধায়ক অনন্ত ডেকাই অসমৰ বিজেপি নেতাসকলে এই কথা বুজি পোৱা নাই বুলি কয়৷ আইনখনৰ দ্বাৰা অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি সকলো চিৰদিনৰ বাবে নিশকটীয়া হৈ পৰিব৷ এনে এখন জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে অগপই আৰম্ভনিৰে পৰা দৃঢ় স্থিতি গ্ৰহণ কৰি আহিছে বুলি মন্তব্য কৰে ডেকাই৷
অসমৰ জাতীয় নায়কৰ আখ্যা পোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনে এখন সৰ্বনাশী আইনৰ বিপক্ষে যেনেধৰণৰ স্থিতি গ্ৰহণ কৰিব লাগিছিল সেয়া অদ্যপি অসমৰ ৰাইজে দেখিবলৈ পোৱা নাই৷ এয়া জাতিটোৰ বাবে চৰম দুৰ্ভাগ্যজনক৷ পিছে অসমৰ ৰাইজে সন্মিলিতভাৱে এনে এখন জাতিধ্বংসী আইনক প্ৰতিহত কৰিবলৈ মৰণপন যুঁজ আৰম্ভ কৰিছে৷ ৰাইজৰ এই সংগ্ৰাম ফলৱৰ্তী হ’বই৷
প্ৰতিবাদী সভাত নৰেন্দ্ৰ শৰ্মাই ভাষণ প্ৰদান কৰি কয় যে অসমীয়া জাতিক চিৰকাললৈ নিশকটীয়া কৰি অসমৰ সম্পদ নিৰ্বিঘ্নে লুন্ঠন চলোৱাৰ উদ্দেশ্যৰেই বাংলাদেশৰ হিন্দুসকলক অসমত সংস্থাপিত কৰিব বিচাৰিছে মোডী চৰকাৰে৷ কিন্তু এনে হ’বলৈ দিয়া নহ’ব৷ অসমীয়া জাতিৰ প্ৰতিজন সদস্যই শৰীৰত শেষ বিন্দু ৰক্ত থকালৈকে কেন্দ্ৰৰ এই কূটিল ষড়যন্ত্ৰ প্ৰতিহত কৰাৰ বাবে প্ৰস্তুত আছে৷
প্ৰতিবাদী সভাত সংগ্ৰামী নেতা হৰেশ্বৰ বৰ্মনে ভাষণ প্ৰদান কৰি কয় যে কেন্দ্ৰৰ বিজেপি চৰকাৰে দেশৰ সংবিধান ভৰিৰে মোহাৰি ধৰ্মৰ ভিত্তিত নাগৰিকত্বৰ সংজ্ঞা নিৰূপন কৰিব বিচাৰিছে৷ বিজেপি চৰকাৰে দেশৰ সকলো গণতান্ত্ৰিক প্ৰমূল্যবোধক অংগুষ্ঠ প্ৰদৰ্শন কৰি দেশবাসীৰ ওপৰত জাপি দিব বিচাৰিছে ফেচীবাদ ৷ নাগৰিকৰ বাক স্বাধীনতা হৰণ কৰি চৰকাৰে দেশৰ নাগৰিকক কৰি তুলিব বিচাৰিছে আজ্ঞাবাহী গোলাম৷ ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ স্বাৰ্থতে সম্প্ৰতি বিদেশৰ পৰা আমদানী কৰিব বিচাৰিছে হিন্দু লোকসকলক৷
প্ৰতিবাদী সমদলত সদৌ অসম গৰীয়া যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক মতিউৰ ৰহমান, সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ কলিতা, আক্ৰাছুৰ কামৰূপ জিলা সমিতিৰ সভাপতি নয়নমনি তালুকদাৰ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৰঙিয়া জিলা সমিতিৰ নেতা ৰবিউল আলম, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য প্ৰবাল বুজৰবৰুৱাকে ধৰি ভালেসংখ্যক নেতা উপস্থিত থাকে৷