গৰুক ৰক্ষা কৰিবলৈ গৈ ৩ বছৰীয়া শিশু সহ নৈত পৰিল চুইফট, মহিলাৰ মৃত্যু, শিশুৰ অৱস্থা সংকটজনক

newsnextone.com | ৰঙিয়াঃ ৰঙিয়াত তীব্ৰবেগী এখন বাহন ৰাজপথৰ পৰা নৈত বাগৰি পৰি এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে তিনি বছৰীয়া শিশু সহ কেইবাগৰাকী লোক আহত হয়৷ জানিব পৰা মতে, কামৰূপ জিলাৰ ৰঙিয়াৰ সমীপৰ ঘোগাজান নৈত এখন চুইফট ডিজায়াৰ গাড়ী শনিবাৰে বাগৰি পৰি মহিলাগৰাকীৰ মৃত্যু হয়৷

তীব্ৰবেগী AS-01-DF-6801 নম্বৰৰ চুইফট ডিজায়াৰ খন ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটীৰ কামাখ্যাৰ পৰা পাঠশালালৈ আহি আছিল৷ ৰঙিয়া পোৱাৰ পিছতে পথৰ মাজেৰে পাৰ হ’ব খোজা এটা গৰুক ৰক্ষা কৰিব খোজেতেই তীব্ৰবেগী গাড়ীখন নৈত বাগৰি পৰে৷

এটি তিনি বছৰীয়া শিশুসহ গাড়ী খন নৈত পৰাৰ পিছতে অঞ্চলটোত হুৱা-দুৱা লাগে৷ স্থানীয় ৰাইজে যিয়ে যেনেকৈ আছিল ওলাই আহি আটাইকেইজন লোকক উদ্ধাৰৰ চেষ্টা কৰে৷ ৰাইজৰ অপ্ৰাণ চেষ্টাত শিশু সহ আটাইকেইজন লোক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও কনিকা মেধী নামৰ মহিলাগৰাকীৰ মৃত্যু হয়৷ পাঠশালাৰ সাদেৰী গাঁৱৰ পৰিয়ালটো গুৱাহাটীৰ কামাখ্যাৰ পৰা পাঠশালালৈ আহি আছিল বুলি জানিব পৰা যায়৷ পথৰ মাজেৰে পাৰ হ’ব বিচৰা গৰু এটাক ৰক্ষা কৰিবলৈ গাড়ীখনে প্ৰথমে গৰু'টোকে খুন্দা মাৰে পিছত নিয়ন্ত্ৰণ হেৰুৱাই নৈত বাগৰি পৰে৷ 

দীপেন মেধী, মুকুল মেধী, ধ্ৰুৱক্ষী মেধী, ফুল কুমাৰী মেধী, নিমাক্ষী মেধী আৰু আভিকেশ দাসক ইতিমধ্যে চিকিসালয়ত ভৰ্তি কৰে যদিও নিমাক্ষী মেধী নামৰ তিনি বছৰীয়া শিশুগৰাকীক উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।