
ৰঙিয়াঃ ৰঙিয়া চহৰৰ মাজমজিয়াত আজি ৰঙিয়া মডেল হাস্পাতালখনৰ শুভ উদ্বোধন কৰে ৰাজ্যিক স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰী পিয়ুষ হাজৰিকাই । এক মাঙ্গলিক কাৰ্য্যসূচীৰে ফিটা কাটি মন্ত্ৰী গৰাকীয়ে হাস্পাতালখন শুভ উদ্বোধন কৰাৰ পিচত মডেল হাস্পাতাল চৌহদতে অনুষ্ঠিত হোৱা এখন সভাত অংশ গ্ৰহণ কৰে । সভাত অংশ গ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে তেওৰ ভাষণৰ মাজেৰে অসমৰ স্বাস্থ্য খণ্ডৰ আমুল পৰিবৰ্তনৰ বিষয়ে অৱগত কৰে । মন্ত্ৰী গৰাকীয়ে কয় যে অসম জনসাধাৰণৰ স্বাস্থ্য ব্যৱস্থাটোৰ ওপৰত লক্ষ্য ৰাখি হাস্পাতাল সমূহ উন্নত মানদণ্ড কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে ।
বিশেষকৈ হাস্পাতাল সমুহত চিকিৎসকৰ অভাবটো দুৰ কৰাৰ বাবেও ৰাজ্য চৰকাৰৰ ফালৰ পৰা চেষ্ঠা চলোৱা হৈছে । ২০০৬ চনৰ আগলৈকে অসমত মাত্ৰ তিনিখন চিকিৎসা মহাবিদ্যালয় আছিল যদিও ২০০৬ চনৰ পিচৰ পৰা চাৰিখন চিকিৎসা মহাবিদ্যালয় নিৰ্মান কৰা হৈছে । ইয়াৰ পিচত অসম চৰকাৰে অচিৰেই নলবাৰী জিলাৰ ঘোগৰাবাৰ, কৰিমগঞ্জ , তিনিচকীয়াৰ লগতে কোকৰাঝাৰত এখনকৈ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা বুলি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ।
আনহাতে চিকিৎসকৰ নাটনিৰ বিষয়টো উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে বছৰি অসমত ৭৫০ গৰাকী চিকিৎসক ওলায় যদিও ইয়াৰে মাত্ৰ তিনিশ গৰাকীয়ে চৰকাৰী চাকৰিত যোগদান কৰে । যাৰ বাবে চিকিৎসকৰ নাটনিটো দুৰ কৰাত সমস্যা হৈছে । আনহাতে গুৰুত্বপুৰ্ণ বিষয় এটা উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে চিকিৎসালয় সমুহত চিকিৎসক সকলক গ্ৰাম্য অঞ্চলত নিৰাপত্তা প্ৰদান কৰাটো আমাৰ সকলোৰে দায়িত্ব ।
গ্ৰাম্য অঞ্চলত চিকিৎসক সকলক নিৰাপত্তা প্ৰদান কৰিলেহে গ্ৰাম্য অঞ্চলৰ চিকিৎসালয় সমুহত চিকিৎক আহিবলৈ সাহস কৰিব বুলি মন্ত্ৰী গৰাকীয়ে ভাষণত উল্লেখ কৰে । ৰঙিয়া মহকুমা স্বাস্থ্য বিষয়া ডা° চফিকুল হ'কে পৰিচালনা কৰা শুভ উদ্বোধনী অনুষ্ঠানটোত মন্ত্ৰী ভৱেশ কলিতা, কাৰূপ জিলাৰ উপায়ুক্ত কমল বৈশ্য, কামৰূপ জিলা যুতীয়া স্বাস্থ্য সঞ্চালক ডা° শ্যমকান্ত মাধৱ উপস্থিত থাকে ।
নচিউৰ ৰহমান,ৰঙিয়া ।