ৰঙিয়াত অধিবক্তাৰ প্ৰতিবাদ, দৰমহা-পেঞ্চনৰ দাবী

ৰঙিয়াঃ বাৰ কাউঞ্চেল অব ইণ্ডিয়াৰ আহ্বান মৰ্মে সোমবাৰে সমগ্ৰ দেশৰ অধিবক্তাসকলৰ লগতে ৰঙিয়াতো অধিবক্তাসকলে তেওঁলোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।

দিনৰ ১১ বজাত ৰঙিয়া উকিল সন্থাই তেওলোকৰ বিভিন্ন সমস্যা সমাধানৰ বাবে এখন সাধাৰণ সভা অনুষ্ঠিত কৰে। ৰঙিয়া উকিল সন্থাৰ সভাপতি নৃপেন কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অধিবক্তাসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়।

ৰঙিয়া ন্যায়িক আদালত চৌহদত অনুষ্ঠিত হোৱা সভাখনত অধিবক্তাসকলৰ সমস্যা সন্দৰ্ভত কেইবাজনো অধিবক্তাই বক্তব্য আগবঢ়োৱাৰ উপৰিও বিশেষকৈ জ্যেষ্ঠ অধিবক্তা হিৰণ্য চৌধাৰী, মকিব তালুকদাৰ, চিৰাজুদ্দিন আহমেদ, প্ৰতাপ কুমাৰ, মুজাহিদুৰ ৰহমান, আচ্যুৎ কলিতাই ভাষণ দিয়ে।

ৰঙিয়া উকিল সন্থাৰ শতাধিক অধিবক্তা উপস্থিত থকা সভাখনৰ পাছতে অধিবক্তাসকলে বাইক ৰেলী কৰি মহিলা অধিবক্তাসকলক প্ৰয়িজনীয় সুবিধা প্ৰদান কৰক, জ্যেষ্ঠসকলক পেঞ্চনৰ ব্যৱস্থা কৰক, কনিষ্ঠসকলক দৰমহা দিয়াৰ ব্যবস্থা কৰক আদি দাবী লিখি প্লেকাৰ্ড প্ৰদৰ্শন কৰি ৰঙিয়া মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হয়।

অধিবক্তাসকলে মহকুমাধিপতিক সাক্ষাৎ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ মহকুমাধিপতিৰ জৰিয়তে প্ৰেৰণ কৰে। স্মাৰক-প্ৰত্ৰখনত বিশেষকৈ অধিবক্তাসকলক বিশেষ সুবিধা প্ৰদান কৰা, জ্যেষ্ঠ অধিবক্তাসকলক পেঞ্চনৰ ব্যৱস্থা কৰা, পাঁচ বছৰৰ বেছি অভিজ্ঞতা থকা অধিবক্তাসকলক দৰমহাৰ ব্যৱস্থা কৰা, মহিলা অধিবক্তা সকলৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আন আন সুবিধাসমূহ প্ৰদান কৰা আদি বিষয়সমূহ উল্লেখ কৰা হয় স্মাৰক-পত্ৰখনত।