দহমুকুতৰ থানলৈ ৮০০ ভকত-বৈষ্ণৱ সহ বিধায়ক ভৱেশ

ৰঙিয়াঃ এতিহ্যমণ্ডিত মধুপুৰ সত্ৰ যদিও ৰাজ্যৰ বাহিৰত আছে তথাপিও অসমৰ তীৰ্থযাত্ৰী প্ৰায়ে সত্ৰ খনলৈ যায়৷ অসমীয়া জাতিৰ অতি আদৰৰ সত্ৰ খন বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম তীৰ্থভূমি বুলিও কোৱা হয়। পশ্চিমবঙ্গৰ কোচবিহাৰ জিলাৰ মধুপুৰৰ এই সত্ৰ খনতে মহাপুৰুষ শঙ্কৰদেৱ আৰু মাধৱদেৱৰ আপোন আছিল৷ সত্ৰ খনত বহু ভকতৰ সমাধি আছে বুলিও কোৱা হয়।

জগতগুৰু শংকৰদেৱে সত্ৰ খনত থাকি নাট-সাহিত্যৰ লগতে বৈষ্ণৱ ধৰ্মৰ চৰ্চা কৰিছিল বুলি উল্লেখ আছে৷ মধুপুৰ সত্ৰক দহমুকুতৰ থান বুলিও কোৱা হয়। প্ৰচাৰ মতে এই সত্ৰ খনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দহগৰাকী আপোন শিষ্যৰ ভেটি আছে।

ৰাজ্যৰ ভিন্ন প্ৰান্ত তীৰ্থযাত্ৰী ভ্ৰমণ কৰাৰ সময়তে ভকত-বৈষ্ণৱৰ সৈতে মধুপুৰ সত্ৰলৈ ওলাইছে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা৷ শনিবাৰে ৰঙিয়াৰ পৰা সত্ৰ খনলৈ ৰাওনা হয় ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা সহ ৮০০ ভকত বৈষ্ণৱ, আই-মাতৃ।

গুৰুজনাৰ ৫৬৯ তম জন্ম জয়ন্তীৰ ৰঙিয়া জিলা শাখাৰ অধিবেশন অনুষ্ঠিত হৈছে কোচবিহাৰৰ মধুপুৰ সত্ৰত। যাৰ বাবে ৰঙিয়া জিলা শাখাৰ মুঠ ৮০০ ভকতক ১৬ খন বাছেৰে মধুপুৰ সত্ৰলৈ যায়। ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই ভকত-বৈষ্ণৱ আি-মাতৃৰ খৰচ বহন কৰা বুলি জানিব পৰা গৈছে৷ বিধায়কগৰাকীক সংগী হিচাপে পাই স্বাভাৱিকতে উৎফুল্লিত হৈ পৰে ভকত বৈষ্ণৱ, আই-মাতৃসকল।