‘এ’ ফ’ৰ ‘আসাম’, মোডী চৰকাৰে পাহৰিলে ২০০ সূচ্যাংকৰ বঙাইগাঁও-ৰঙিয়া-কামাখ্যা ৰেলপথক

ৰঙিয়াঃ বাৰে বাৰে বঞ্চিত হয় অসম৷ অসমৰ একাংশ ধোদৰ পছলা সাংসদে অসমৰ সমস্যা সমূহ দিল্লীত উপস্থাপন নকৰি শুই-বহি দিন পৰা কৰাৰ ফলত অসমৰ সমস্যাক গুৰুত্ব প্ৰদান নকৰে দিল্লীয়ে৷ যাৰ বাবেই অসম বঞ্চনাৰ বলি হ’ব লগা হৈছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ পৰা৷ 

বিশেষকৈ নিউ বঙাইগাও-ৰঙিয়া-কামাখ্যা দ্বৈত ৰেলপথ নিৰ্মাণৰ ঘোষণা কৰাৰ পিছতো উপেক্ষিত হৈ ৰৈছে৷ অসমৰ অতি গুৰুত্বপূৰ্ণ এই প্ৰকল্পটোৰ কোনো গুৰুত্ব প্ৰদান কৰা নাই৷ বিটিএডি, কামৰূপ, নলবাৰী, বৰপেটা, বঙাইগাঁও আদি জিলাৰ চাকৰীয়াল, ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰীৰ বাবে অতিব প্ৰয়োজনীয় ৰেল পথটো গুৰুত্ব প্ৰদান কৰা নাই৷

উত্তৰ প্ৰদেশ, বিহাৰ, মধ্য প্ৰদেশে বাৰে বাৰে দ্বৈত ৰেলপথ প্ৰকল্প লাভ কৰে৷ ইমানে নহয় যোৱা কেবিনেট বৈঠকত ৰেলপথৰ বৈদ্যুতিকীকৰন প্ৰকল্পৰ বাবে ধনৰ অনুমোদন দিয়ে মোডী চৰকাৰে৷ 

কেন্দ্ৰীয় চৰকাৰে দ্বৈত ৰেলপথৰ বাবে ধন আবন্টন দিয়া চাৰিখন ৰাজ্যৰ প্ৰস্তাৱিত ৰেলপথকেইটাৰ ব্যৱহাৰিক সূচ্যাংক যথাক্ৰমে ১১৮, ১২৭, ১৬০ আৰু ১০৭৷ কিন্তু নিউ বঙাইগাওঁ-ৰঙিয়া-কামাখ্যা ৰেলপথত ব্যৱহাৰিক সূচ্যাংক প্ৰায় ২০০ হোৱাৰ পিছতো কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিত এই ৰেলপথটোৱে কোনো গুৰুত্ব পোৱা নাই৷ এয়া অতি দুৰ্ভাগ্যজনক বিষয় হৈ পৰিছে৷

বগীবিলত ৰেলৰ দলং মুকলি হলে এই সূচ্যাংক আৰু অধিক বৃদ্ধি পাব বুলি জানিব পৰা গৈছে৷ এনে পৰিস্থিতিত ‘এ’ ফ’ৰ ‘আসাম’ বুলি শ্ল’গান আওঁৰোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ ৰেল ব্যৱস্থা উন্নয়নৰ বাবে হুৰুত্ব আৰোপ নকৰা বিষয়টো ৰাজ্যবাসীয়ে সহজভাৱে ল’ব পৰা নাই৷ 

উল্লেখ্য যে, ২০১৩-১৪ বৰ্ষৰ কেন্দ্ৰীয় ৰেল বাজেটতে অনুমোদন দিয়া হৈছিল অসমৰ এই প্ৰকল্পটোৱে বাৰে বাৰে কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ধন আবন্টন পোৱাৰ ক্ষেত্ৰত মুখ থেকেচা খাবলগীয়া হোৱাটোক সংস্থাই ৰাজ্যবাসীৰ প্ৰতি প্ৰতাৰণাৰ নামান্তৰ বুলি অভিহিত কৰিছে৷ বঙাইগাওঁ-ৰঙিয়া-কামাখ্যা ৰেলপথ দ্বৈত কৰাৰ বাবে৷ যদিও সকলো ফুটুকাৰ ফেনত পৰিণত হয়৷

এবাৰ জাঙুৰ খাই উঠিছে ৰঙিয়াৰ বিভিন্ন দল-সংগঠন৷ ৰঙিয়া ৰেল যাত্ৰী সন্থাৰ লগতে আছু, যুৱ-ছাত্ৰ পৰিষদ নিউ বঙাইগাঁৱৰ পৰা আগিয়াঠুৰীলৈ দ্বৈত ৰেল লাইনৰ লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰেল দলং নিৰ্মাণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনাই অহাৰ পিছটো বৰ্তমানলৈ কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উত্থাপন কৰে৷

বিশেষকৈ ৰেলযাত্ৰী সন্থাই ইউপিএৰ চৰকাৰৰ কাৰ্যকালত প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰক কেইবাবাৰো স্মাৰক প্ৰদান কৰাৰ লগতে ৰাজ্য চৰকাৰকো বিষয়টোৰ সন্দৰ্ভত দৃষ্টিগোচৰ কৰিছিল। এনেদৰে ৰাজ্য আৰু কেন্দ্ৰক হেচাঁ প্ৰয়োগ কৰাৰ পিছটো কোনো এখন চৰকাৰে অসমত ৰেলৰ উন্নয়নৰ সম্পৰ্কত গুৰুত্ব নিদিলে। 

ৰাজ্যৰ ৰেল যাত্ৰী সন্থাই শনিবাৰে ৰঙিয়া গড়কাপ্তানী পৰিদৰ্শন বাংলত সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰে। ৰেল যাত্ৰী সন্থাৰ সভাপতি শ্ৰীপদ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হয় সভাখন। ৰঙিয়াৰ বিভিন্ন ৰাজনৈতি দলৰ লগতে ছাত্ৰ সংগঠনৰ প্ৰতিনিধি উপস্থিত থকা সভাখনত ৰেলযাত্ৰী সন্থাৰ সম্পাদক দীপাংকৰ শৰ্মাই উদ্দেশ্য বাখ্যা কৰি অসমৰ জনসাধাৰণে ভূগি থকা সমস্যাসমূহৰ বিষয়ে উল্লেখ কৰে। 

সভাত উপস্থিত থকা ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অগপ নেতা অনন্ত ডেকাই ৰেলৰ কামকাজ উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰই কোনোধৰনৰ গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপন কৰে। বিশেষকৈ অসমৰ পৰা প্ৰতিনিধিত্ব কৰা সাংসদসকলে ৰেলৰ সমস্যাসমুহৰ ওপৰত কেনো মাত নমতাৰ বাবে বাৰে-বাৰে অসমৰ জনসাধাৰণ প্ৰতাৰিত হ’ব লগা হৈছে বুলি কয়। 

আনহাতে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদগৰকীয়ে যি ধৰণে অসমত দ্বৈত ৰেল লাইন, ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰেল দলং নিৰ্মাণ কৰাৰ লগতে বিভিন্ন সমস্যা সমূহৰ ওপৰত মাত মাতিব লাগিছিল তেনেদৰে মাত নমতাৰ ফলত আজি ৰেলৰ ক্ষেত্ৰত অসমৰ ৰাইজে পূৰ্বৰ দৰে সমস্যা সমূহ ভূগি থাকিব লগা হৈছে। 

এই ক্ষেত্ৰত এক প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ বাবে সকলোকে দল-সংগঠনৰ প্ৰতিনিধিকে ডেকাই আহ্বান জনায়। আনহাতে সভাত উপস্থিত থকা বিজেপি নেতা দীনেশ মহন্তই ৰেলৰ কামকাজৰ তথা উন্নয়ন সম্পৰ্কত উল্লেখ কৰি প্ৰতিবাদী কাৰ্যসূচীৰে কেন্দ্ৰৰ দৃষ্টি আকৰ্ষণৰ পোষকতা কৰে। ৰেল যাত্ৰী সন্থাৰ উক্ত সৰ্বদলীয়া সভাখনত কেইবাজনো লোকে আন্দোলনৰ কৰাৰ সিদ্ধান্ত লয়।