ৰঙিয়াত পথ দুঘটনা, নিহত ১, আহত ১

ৰঙিয়াঃ ৰঙিয়া চহৰৰ সমীপৰ চিকনিবাৰীত ৰঙিয়া-ভূটান পথত পথ দুৰ্ঘটনা সংঘটিত হৈ এজন যুৱকৰ মৃত্যু হয়৷ জানিব পৰা মতে, ৰঙিয়া অভিমুখৰ পৰা গৈ থকা এখন যাত্ৰীবাহী টেম্পই তামুলপুৰ অভিমুখৰ পৰা আহি থকা এখন বাইকত খুন্দা মাৰে৷

ফলত বাইকত অহা দুজন যুৱকৰ এজনৰ থিতাতে মৃত্যু হয়৷ তীব্ৰবেগী টেম্পৰ খুন্দাত বাইকত অহা আন এজন যুৱক গুৰুতৰ ভাবে আহত হোৱাত সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰে ৰাইজ তথা আৰক্ষীয়ে৷ বাইকত অহা দুয়ো যুৱকক আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নাই৷ তামুলপুৰ দিশৰ পৰা আহি আছিল বাইকখন৷