
newsnextone.com। ৰঙিয়াঃ ৰঙিয়া ঘাইপথত শুকুৰবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এজন লোক থিতাতে নিহত হোৱাৰ লগতে গাড়ী চালকজন আহত হয়।
স্মৰ্তব্য যে পশ্চিম বংগৰ পৰা আহি থকা WS-69 8945 নম্বৰৰ জাইলো গাড়ীখনে পথৰ কাষত ৰখাই থোৱা AS-01 HC-7235 নম্বৰৰ ট্ৰাকৰ পিচফালে তীব্ৰ গতিত খুন্দা মাৰে। ফলত ঘটনাস্থলীতে নিহত হয় জাইলো খনত থকা সমৰজিৎ সিং নামৰ আলিপুৰ দুৱাৰৰ ৰেল’ৱে মাণ্ডলিক বিত্তীয় প্ৰৱন্ধকগৰাকী।
WS 69 8945 নম্বৰৰ জাইলো গাড়ীখনত Divisional Finance Manager NF Railway/APDJ বুলি লিখা থকাৰ প্ৰতি লক্ষ্য ৰাখি মৃত ব্যক্তিজন ৰেল বিভাগৰ বিষয়া বুলি জানিব পৰা গৈছে।
ইফালে জাইলো খনৰ চালক জন গুৰুতৰ ভাবে আহত হয়। আৰক্ষীয়ে লগে লগে চালকজনক উদ্ধাৰ কৰি ৰঙিয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।