ৰঙিয়া হৈ পৰিছে দুৰ্বৃত্তৰ ৰম্যভূমি, পিষ্টল দেখুৱাই লুটিলে ব্যৱসায়ীক

ৰঙিয়াঃ চাৰিদিন পূৰ্বে ৰঙিয়া চহৰৰ দুখন দোকানৰ পৰা দিন-দুপৰতে প্ৰায় ৭৫ হাজাৰ টকা লুটি নিয়াৰ চাঞ্চল্য মাৰনৌযাওঁতেই এইবাৰ ৰাজ পথৰ পৰা লুটি নিলে ব্যৱসায়ীক৷ ৰঙিয়াত যেন দুৰ্বৃত্তৰ সন্ত্ৰাস অব্যাহত আছে৷ এক কথাত সকবলৈ গলে ৰঙিয়া হৈ পৰিছে দুৰ্বৃত্তৰ ৰম্যভূমি৷

নিৰাপত্তা ব্যৱস্থাক বুঢ়া আঙুলি দেখুৱাই যেতিয়া ইচ্ছা তেতিয়াই যিকোনো লোকক লুটি নিব পাৰে দুৰ্বৃত্তই৷  দেওবাৰে নিশা ৰঙিয়াত অস্ত্ৰ দেখুৱাই দুৰ্বৃত্তই এগৰাকী ব্যৱসায়ীৰ পৰা ১ লাখ টকা লুটি নিয়ে৷ ৰঙিয়া চহৰৰ ভূটান বাছষ্টেণ্ডৰ জ্যোতি ফাৰ্মাচীৰ গৰাকী কামাখ্যা আগৰৱালাৰ পৰা দেওবাৰে নিশা এখন বাইকত অহা দুৰ্বৃত্তই অস্ত্ৰ দেখুৱাই প্ৰায় ১ লাখ টকা দোকানৰ চাবি সহ বেগ লৈ উধাও হয়৷

ফাৰ্মাচী খনৰ গৰাকীয়ে নিশা প্ৰায় ৮.৩০ বজাত ফাৰ্মাচী বন্ধ কৰি ৰঙিয়া চহৰৰে শান্তিপুৰৰ গৃহলৈ স্কুটিৰে আহি থকা অৱস্থাত শান্তিপুৰ ৰোডত বাইকত অহা দুৰ্বৃত্তই পিষ্টল দেখুৱাই বেগ লৈ উধাও হয়৷