
ৰঙিয়াঃ কামৰূপ জিলাৰ ৰঙিয়াৰ শৌলমাৰীত শুকুৰবাৰে ৰাইজ ৰাজ পথলৈ ওলাই আহে৷ শতাধিক ৰাইজে পথ মেৰামতি কৰাৰ দাবীত পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰঙিয়াৰ শৌলমাৰীত ৰঙিয়া-গোৰেশ্বৰ গড়কাপ্তানী পথ অৱৰোধ কৰি শৌলমাৰী-চিৰাখুন্দি পথ মেৰামতি কৰিবলৈ দাবী জনায়৷ শতাধিক লোকে বিধায়ক সত্যব্ৰত কলিতা মুৰ্দাবাদ ধ্বনিৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।
ৰঙিয়া-গোৰেশ্বৰ গড়কাপ্তানী পথ সংযোগী শৌলমাৰী-চিৰাখুন্দি পথ মেৰামতি কৰাৰ দাবীত পথ অৱৰোধ কৰাৰ ফলত বহু যান-বাহন পথত আৱদ্ধ হৈ পৰে। ৰঙিয়া নগৰৰ ৮নং ওৱাৰ্ডৰ ৰাইজে পথটো মেৰামতি কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ ২০০১ চনৰ পৰা জৰাজীৰ্ণ হৈ থকা কমলপুৰ সমষ্টিৰ অন্তৰ্গত পথটো মেৰামতি কৰাৰ দাবী জনাই অহাৰ পিছতো কমলপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷
ৰাইজে বিধায়কগৰাকীক অৱগত কৰাৰ পাছতো কোনো সঁহাৰি দিয়া নাই বুলি কৈ বিধায়ক সত্যব্ৰত কলিতাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। যাৰ বাবে ৰাইজ অতিষ্ঠ হৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে।