ৰঙিয়াত কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ শ্বহীদ দিৱস পালন

তুলসীবাৰীঃ দেওবাৰে ৰাজ্যৰ দল-সংগঠনে অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদক স্মৰণ কৰে৷ সমগ্ৰ ৰাজ্যৰ লগতে অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু দিৱস ৰঙিয়াতো কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ উদ্যোগত পালন কৰা হয়৷

ৰঙিয়া নগৰৰ গান্ধী মণ্ডপ প্ৰাংগনত বন্তি প্ৰজ্বলনৰে শ্বহীদগৰাকীক সশ্ৰদ্ধ স্মৰণ কৰে সংগঠনটোৱে৷ অনুষ্ঠানত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অনুপল দত্ত পাঠক, উপ-সভাপতি ভাস্কৰ কলিতা প্ৰমুখ্যে নেতৃবৃন্দ উপস্থিত থাকি অসম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷