
ৰঙিয়াঃ ২০ ডিচেম্বৰৰ পুৱা ৰঙিয়া চহৰৰ বালাগাৱত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্র বেগী বলেৰ' পিকআপে খুন্দিয়াই গুৰুতৰ ভাৱে আহত কৰা অচিনাক্ত লোকজনৰ বৃহস্পতিবাৰে পুৱাই জি এম চি এইচত মৃত্যু হয়। যোৱা সাতদিন চিকিৎসালয়ৰ বিছনাত মৃত্যুৰে যুজ দি অৱশেষত মৃত্যুক সাৱটি লয় লোকজনে।
২০ ডিচেম্বৰৰ পুৱা বলেৰ' পিকআপৰ খুন্দাত গুৰুতৰ ভাৱে আহত হোৱাত প্ৰথমে ৰঙিয়া সামূহিক চিকিৎসালয়ত ভৰ্তি কৰাই আৰক্ষীয়ে সংকটজনক অৱস্থাত জি এম চি এইচ লৈ প্ৰেৰণ কৰিছিল অচিনাক্ত লোকজনক। প্ৰায় ৪৫ বছৰীয়া লোকজনক আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নাছিল৷
আনহাতে ৰঙিয়া আৰক্ষীয়ে জানিবলৈ দিয়ামতে নলবাৰীৰ দিশৰ পৰা কল কঢ়িয়াই অনা AS-17-B-6896 নম্বৰৰ বলেৰ' খনে পথচাৰি জনক খুন্দা মাৰি পথৰ দাতিত বাগৰি পৰে। লোকজনৰ পৰিচয় উদ্ধাৰ কৰিব নোৱাৰাত বিপদত পৰে ৰঙিয়া আৰক্ষী৷