বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰি, ৰঙিয়াত চৰকাৰী চিকিৎসালয়ত দেখুৱাবলৈহে এক্সৰে মেচিন

ৰঙিয়াঃ আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল৷ এই আপ্ত বাক্যশাৰীকৈ বাৰে বাৰে প্ৰমাণ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ কিয়নো ঘোষণা কৰাত বিখ্যাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য খনত ইমূৰৰ পৰা সিমূৰলৈ অগণন চিকিৎসালয় গঢ়াৰ লগতে ন’ ন’ আঁচনি ঘোষণা কৰিছে যদিও বহু আছে এতিয়া আপ্তবাক্যশাৰীৰ সৈতে মিল থকা পৰিলক্ষিত হৈছে৷

ৰাজ্যৰ বিভিন্ন প্ৰান্ত চিকিৎসালয় স্থাপন কৰিছে যদিও আজিলে তলা খুলিব পৰা নাই হিমন্ত বিশ্ব শৰ্মাই৷ বহি চিকিৎসালয় এতিয়া হাবি-জংঘলে আৱৰি আছে৷ ৰাজকোষৰ কোটি কোটি খৰছ কৰি অপব্যয় কৰিছে ৰাইজৰ টকা৷ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া স্বাস্থ্য খণ্ডত অৰাজক পৰিৱেশ৷ স্বাস্থ্য বিভাগক গুৰুত্ব প্ৰদান কৰিবলৈ কোনো নাই৷

ইয়াৰ মাজতে গুৱাহাটী মহানগৰীৰ সমীপৰ এখন জিলাত মেৰামতিৰ অভাৱত পৰি ৰৈছে এক্সৰে মেচিন৷ কামৰূপৰ ৰঙিয়াত মেৰামতিৰ অভাৱত দীৰ্ঘদিন ধৰি পৰি ৰৈছে এক্সৰে মেচিন৷ এক্সৰে মেচিন পৰি থকাৰ ফলত ৰাজ্যৰ স্বাস্থ্য বিভাগে নতুন-নতুন আঁচনি ঘোষণা কৰি স্বাস্থ্য বিভাগক উন্নয়নৰ নামত প্ৰচাৰ চলাই আহিছে যদিও কাৰ্যত ই এক প্ৰহসনতহে পৰিণত হৈছে বুলি কব খোজে ৰঙিয়াক ৰাইজে৷

ৰাইজে বিধায়ক ভৱেশ কলিতাকো বহুবল্কী আখ্যা দিয়ে। বিধায়কগৰাকীয়ে সমষ্টিৰ কোন ঠাইত কি অনুষ্ঠান আছে সেই কথা নাজানে বুলি একাংশ লোকে ক্ষোভ জাহিৰ কৰে৷ ভৱেশ কলিতাই বিধায়ক নিৰ্বাচিত হোৱাৰ তিনি বছৰ পাৰ হ’বৰ হ’ল যদিও ৰঙিয়া স্বাস্থ্য খণ্ডৰ উন্নয়ন কৰাটো দূৰৰ কথা সমষ্টিতটোত এগৰাকী চিকিৎসকো আনিব পৰা নাই বুলি অভিযোগ উত্থাপন হৈছে৷ 

তাৰ লগে লগে গোৰেশ্বৰ আৰু ৰঙিয়াত স্বাস্থ্য খণ্ডৰ ভয়াবহ ৰূপ ধাৰণ কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ তাৰ মাজতে ৰঙিয়া অসামৰিক চিকিৎসালয়ত দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত পৰি ৰোৱা এক্সৰে মেচিনেটোৱে বিধায়কগৰাকীৰ বিফলতাৰ ছবি খন স্পষ্ট কৰিছে বুলি অভিযোগ উত্থাপন হৈছে৷ 

কমৰূপ জিলাৰ ৰঙিয়াৰ অসামৰিক চিকিৎসালত খনত এতিয়া ৰোগীয়ে উপযুক্ত চিকিৎসাৰ লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ ৰোগীয়ে এক্সৰে, তেজ পৰীক্ষা আদিৰ পৰা বঞ্চিত হ’ব লগা হৈছে৷ অসামৰিক চিকিৎসালয় খনৰ এক্সৰে মেচিনটো বিকল হৈ আছে। এক্সৰে মেচিনটো সামান্য বিসংগতিৰ ফলতেই মাহৰ পিছত মাহ ধৰি পৰি ৰৈছে৷ 

ফলত ৰোগীয়ে ব্যক্তিগত চিকিৎসালয়ত-লেবত এক্সৰে কৰিব লগা হৈছে৷ আসামৰিক চিকিৎসালয় খনত এক্সৰে চলাবলৈ দুজনকৈ চৰকাৰী কৰ্মচাৰী নিয়োগ কৰাৰ ফলত চৰকাৰী দৰমহা দি আহিব লগা হৈছে৷ চৰকাৰে এক্সৰে মেচিনটো মেৰামতি নকৰাৰ ফলত ৰাইজ বঞ্চিত হোৱাৰ লগতে ৰাজকোষৰ ধন অবাবতে খৰছ হৈ আহিছে৷ এক্সৰে কৰাৰ নামত ৰোগীসকল বঞ্চিত হোৱাৰ লগতে তেজ পৰীক্ষা কৰাৰ ক্ষেত্ৰটো বঞ্চিত হ’ব লগা হৈ আহিছে। 

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰোগীসকলক চৰকাৰী চিকিসালয়তে এক্সৰে, তেজ পৰীক্ষা কৰাৰ সুবিধা প্ৰদান কৰি গৰীৱক সহায় কৰা বুলি বাঃ বাঃ লৈ আহিছে যদিও স্বাস্থ্য বিভাগ এতিয়া বাহিৰে ৰং চং ভিতৰি কোৱা ভাতুৰিত পৰিণত হৈছে৷ কাৰ্যক্ষেত্ৰত ৰোগীসকলে সুবিধাৰ পৰা বঞ্চিত হ’ব লগা হৈছে।

ৰঙিয়া অসামৰিক চিকিৎসালয়ত ৰোগীসকলে এক্সৰে, তেজ পৰীক্ষা কৰাৰ পৰা বঞ্চিত হ’ব লগা হৈছে। চিকিৎসালয়খনত নামত ব্লাডবেংক আছে যদিও ব্লাড বেংকত নাই তেজ সংৰক্ষণ কৰিব পৰা কোনো ব্যৱস্থা। যাৰ ফলত প্ৰসুতিয়ে সন্তান প্ৰসৱ কৰাৰ সময়ত চিকিৎসকে বাহিৰৰ পৰা আনিব লগা হয় তেজ। বহু সমস্যাৰে যুঁজ দি থকা ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ উন্নয়নৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে কেতিয়া গুৰুত্ব প্ৰদান কৰিব সেয়া লক্ষণীয় হৈ হ’ব৷