লুটি নিলে সকলো, চলন্ত ৰেলত অচেতন অৱস্থাত উদ্ধাৰ দীপকক

ৰঙিয়াঃ ৰেল যাত্ৰাত জীৱন আৰু সম্পত্তিৰ সুৰক্ষিত নহয় বুলি অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে ৰঙিয়াত পুনৰ সংঘটিত হ’ল ৰেল যাত্ৰীক লুটি নিয়াৰ ঘটনা৷ যোৱা ০৭ নৱেম্বৰত চলন্ত ৰেলত ভিতৰত দুৰ্বৃত্তই অনিল কুমাৰ নামৰ সেনাৰ জোৱানক নিচাযুক্ত দ্ৰব্য খুওৱাই টকা লুটি নিয়াৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ মঙলবাৰে সংঘটিত হ’ল যাত্ৰীক লুটি নিয়াৰ আন এটি ঘটনা৷

জানিব পৰা মতে, উজনিমুৱা মানস ৰাইনো এক্সপ্ৰেছৰ যাত্ৰীক লুটি নিয়ে এটি দুৰ্বৃত্তৰ দলে৷ মঙলবাৰে পুৱাৰ ভাগত নিচাযুক্ত দ্ৰব্য খুওৱাই দুৰ্বৃত্তই লূটিলে দীপক বৰ্মন নামৰ যাত্ৰীজনক। দীপক বৰ্মন নামৰ যুৱকজনে বঙাইগাঁৱৰ পৰা বৰপেটালৈ আহি আছিল মানস ৰাইনো এক্সপ্ৰেছ যোগে৷ কোনো লোকে যুৱকজনক নিচাযুক্ত দ্ৰব্য খুওৱাই চলন্ত ট্ৰেইনৰ ভিতৰৰ পৰাই সকলো লুটি লৈ যায়৷

ট্ৰেইন খন ৰঙিয়া জংচনত আহি উপস্থিত হোৱাৰ পিছতহে একাংশ লোকে ট্ৰেইনৰ ভিতৰত অচেতন অৱস্থাত যুৱকজনক উদ্ধাৰ কৰে৷ সংকটজনক অৱস্থাত ৰঙিয়া সামুহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যুৱকজনক৷ যুৱকজনক বৰপেটা জিলাৰ বাহবাৰিৰ গৌৰাংগ বৰ্মনৰ পুত্ৰ দীপক বৰ্মন (২২) বুলি জানিব পৰা গৈছে৷ ৰাজ্য খনত প্ৰায়ে চলন্ত ট্ৰেইনত এনে ঘটনা সংঘটিত হৈ অহাৰ পিছতো ৰেল কৰ্তৃপক্ষই গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হয়৷