
ৰঙিয়াঃ শনিবাৰে পুৱাই ৰঙিয়াত চহৰৰ মাজ মজিয়াত ঘটিল অঘটন৷ ৰঙিয়া তিনিআলিক ৰেলগেট পাৰ হ’ব বিছাৰোতেই এগৰাকী যুৱক ৰেলৰ তলত সোমাই পৰাত চাঞ্চল্যৰ সৃষ্টি হয়৷ যুৱকজন ৰঙিয়া তিনিআলিৰ বিনয় দাস বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে, যুৱকজনে দৌৰাদৌৰিকৈ ৰেল লাইন পাৰ হ’ল বিছাৰোতেই ৰেলৰ তলত সোমাই গুৰুতৰ ভাৱে আহত হয়৷
ততাতৈয়াকৈ স্থানীয় লোকে সমীপৰে ব্যাক্তিগত নাৰ্চিং হোমত ভৰ্তি কৰাই। নাৰ্চিং হোমত চিকিৎসকে যুৱকজনক চিকিৎসা কৰাত হেমাহি কৰাৰ অভিযোগ উত্থাপন কৰে একাংশ লোকে । তাৰ পিছত উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত GNRC হাস্পতাললৈ প্ৰেৰণ কৰা হয় যুৱকজনক। নিজ গৃহাভিমুখে যোৱাৰ বাবে ৰেল লাইন পাৰ হ’ব বিছাৰিছিল যুৱকজনে।