
তুলসীবাৰীঃ আমাৰ দেশৰ তথা ৰাজ্য খনৰ দৰিদ্ৰ, গৰীৱ, খাটিখোৱা লোকসকলৰ কল্যাণৰ বাবে ন’ ন’ আঁচনি ৰূপায়ন কৰে চৰকাৰে৷ কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰচ কৰি জনসাধৰণৰ কল্যাণৰ বাবে আঁচনি ৰূপায়ন কৰে৷ ৰাজকোষৰ কোটি কোটি টকা শৰাধ কৰা হয়৷ মন্ত্ৰী-আমোলাৰ জৰিয়তে এনে আঁচনি সমূহ ৰূপায়ন কৰি জনসাধাৰণক সেৱা কৰাৰ চেষ্টা কৰে চৰকাৰে৷ কিন্তু প্ৰকৃততে এনে আঁচনি সমূহৰ পৰা জনসাধৰণে কল্যাণ লাভ কৰে নে৷ যদি গ্ৰাম্য অঞ্চলত ৰূপায়ন কৰা বিভিন্ন আঁচনি প্ৰত্যক্ষ কৰা হয় তেন্তে প্ৰতিখন আঁচনিয়েই ফেইল হোৱা দেখা যায়৷ জলসিঞ্চনৰ পৰা আৰম্ভ কৰি কৃষিলৈ৷
শিক্ষা, স্বাস্থ্যৰ পৰা আৰম্ভ কৰি জনস্বাস্থ্যলৈ সকলো আঁচনিয়েই গ্ৰাম্য এলেকাত ফেইল হৈ আহিছে পৰিৱৰ্তনকামী চৰকাৰখনত৷ অগপ, বিজেপি, বিপিএফ মিত্ৰদলৰ চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালনত সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ আজিও বাট-পথ, বিশুদ্ধ খোৱাপানী, শিক্ষা, স্বাস্থ্য আদিৰ ক্ষেত্ৰত ৰাইজৰ অভাৱ দূৰ কৰিব পৰা নাই৷ বিশেষকৈ ৰাজ্য চৰকাৰ খনে বিশুদ্ধ খোৱাপনী যোগানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ তৰুণ গগৈ চৰকাৰৰ তিনিটা কাৰ্যকালত ৰাজ্যৰ প্ৰতিখন জিলাৰ বিভিন্ন ঠাইত স্থাপন কৰিছিল পানী যোগান আঁচনি সমূহ৷
বিশুদ্ধ পানী যোগানাৰ বাবে স্থাপন কৰা আঁচনি সমূহ এতিয়া এৰাবাৰীত পৰিণত হৈছে৷ পৰিবৰ্তনৰ কথাকৈ ভোট লৈ চৰকাৰ গঠন কৰা তিনিটা দলে আজিও ৰাইজৰ সমস্যাক গুৰুত্ব আৰোপ নকৰি লেতেৰা ৰাজনীতিহে কৰি থকাৰ অভিযোগ উত্থাপন হৈছে৷ পৰিবৰ্তনৰ কথা কৈ ভিআইপিত পৰিণত হোৱা মন্ত্ৰী-বিধায়কসকলে এতিয়া দৰিদ্ৰ, গৰীৱৰ সমস্যাক গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ নিৰ্বাচনৰ যোৱাৰ পিছতে সম্ভ্ৰান্ত হৈ পৰা মন্ত্ৰী-বিধায়কসকল এতিয়া হিন্দু-মুছলমানক লৈ ৰাজনীতি কৰাত ব্যস্ত হৈ পৰিছে৷ কিন্তু গ্ৰাম্য অঞ্চলৰ লোকসকলে এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷
ৰঙিয়াৰ জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ তুলসীবাৰী পানী যোগান আঁচনিখন সম্প্ৰতি ভালুকৰ সাঙীত পৰিণত হৈছে৷ তুলসীবাৰীত কেইবা লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা পানী যোগান আচনিখন বৰ্তমানলৈ মুকলি নোহোৱাত ক্ষোভ ব্যক্ত কৰিছে স্থানীয় ৰাইজে৷ দীৰ্ঘদিন ধৰি জলসংকটত ভুগি অহা তুলসীবাৰীবাসীয়ে আঁচনিখন কাৰ্যক্ষম নোহোৱাৰ পৰিপ্ৰেক্ষিতত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হামৰাও কাঢ়িব লগাহৈছে৷ তুলসীবাৰী বাসীয়ে বিজেপি চৰকাৰক অতি শীঘ্ৰেই আঁচনিখন মুকলি কৰি দিবৰ বাবে অনুৰোধ জনায় ৷