
newsnextone.com | ৰঙিয়াঃ ৰাজ্যত দিনক দিনে সক্ৰিয় হৈ পৰিছে মানৱ সৰবৰাহকাৰী চক্ৰ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুস্ত চক্ৰই যুৱক-যুৱতীক গোপনে অইন ৰাজ্যলৈ প্ৰেৰণ কৰি আহিছে৷ বাহিৰত চাকৰি দিয়াৰ প্ৰলোভন দেখুৱাই অভিসন্ধি কৰি যুৱক-যুৱতীক বাহিৰলৈ লৈ গৈ অসৎ কাৰ্যত তেওঁলোকক নিয়োজিত কৰি আহিছে৷ এনে মানৱ সৰবৰাহ চক্ৰ ব্যপকভাৱে সক্ৰিয় হৈ পৰা সময়ত মঙলবাৰে নিশা ৰঙিয়াত ৰেল সুৰক্ষা আৰক্ষীয়ে ৭ জনকৈ যুৱক-যুৱতীক মানৱ সৰবৰাহ চক্ৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
জানিব পৰা মতে, মঙলবাৰে নিশা ৰেলৱে সুৰক্ষা বাহিনীয়ে অভিযান চলাই যুৱক-যুৱতীকেইজনক উদ্ধাৰ সৰবৰাহকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰে৷ জানিব পৰা মতে, বহিঃৰাজ্যত কৰ্ম সংস্থাপন দিয়াৰ প্ৰলোভন দি বাক্সা জিলাৰ বিভিন্ন অঞ্চলৰ ৭ জন দৰিদ্ৰ যুৱক-যুৱতীক মানৱ সৰবৰাহকাৰী এগৰাকী মহিলা সদস্যই মুম্বাই অভিমুখী লোকমান্য তিলক এক্সপ্ৰেছ যোগে মুম্বাইলৈ নিয়াৰ প্ৰস্তুতি চলাইছিল৷ কিন্তু ৰে’লৱে আৰক্ষীয়ে এই বিষয়ে গোপন সূত্ৰৰ পৰা জানিব পাৰি ৰঙিয়া ষ্টেচনত তালাচী চলায় আৰু সৰবৰাহ চক্ৰৰ এগৰাকী মহিলা সদস্যক আটক কৰে৷
ইফালে, ৰঙিয়া জংচনত মানৱ সৰবৰাহ চক্ৰৰ গ্ৰীণ ড’ৰ হৈ পৰা বুলি অভিযোগ উত্থাপন কৰি আহিছে ৰাইজে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্ততৰ পৰা বহিঃ ৰাজ্যত সংস্থাপন দিয়াৰ প্ৰলোভন দ্খুৱাই লৈ অনা যুৱক যুৱতীক ৰঙিয়াৰ পৰাই বহিঃ ৰাজ্যলৈ প্ৰেৰণ কৰা হয় বুলি আৰক্ষীয়ে মত প্ৰকাশ কৰি আহিছে৷
মঙলবাৰে সৰবৰাহকাৰী চক্ৰৰ হাতৰ পৰা যুৱক-যুৱতী কেইগৰাকীক উদ্ধাৰ কৰাৰ পিছতে আৰক্ষীয়ে মানৱ সৰবৰাহ চক্ৰৰ মূল ঘাটি বিচাৰি অভিযান আৰম্ভ কৰিছে৷ মানৱ সৰবৰাহকাৰী চক্ৰৰ কৱলৰ পৰা উদ্ধাৰ এইকেইগৰাকী যুৱতী-কিশোৰী৷