
ডিফুঃ কাৰ্বি পাহাৰৰ লোকসকলে পৰম্পৰাগত কাৰ্বি ৰংকেৰ পূজা পালন কৰি আহিছে। কাৰ্বি পৰম্পৰা, ৰীতি-নীতি, বিশ্বাসেৰে কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে ডিফু চহৰতো দেওবাৰে ৰংকেৰ পূজা অনুষ্ঠিত হয়৷ দেশৰ-দেহৰ বাবে ডিফু চহৰবাসীয়ে পূজা কৰে৷ ডিফু চহৰৰ ব্যৱসায় বাণিজ্য তথা চহৰ খনৰ মংগল কামনাৰে ডিফু বজাৰ ৰংকেৰ সমিতিৰ উদ্যোগত ডিফু শনি মন্দিৰ তিনি আলিত কাৰ্বি পৰম্পৰাৰে ৰংকেৰ পূজা অনুষ্ঠিত হয়৷

চহৰখনত পোন প্ৰথমবাৰৰ বাবে উদযাপন কৰা ৰংকেৰ পূজাত বহু লোক উপস্থিত থাকি প্ৰভূ হেম্ফু ৰাচিংজাৰ ওচৰত চহৰখনৰ তথা চহৰবাসীৰ মংগল কামনা কৰে৷ পূজাৰ বাবে পাঁচটা থান হেম্ফু মুক্ৰাং ৰাচিংজা থানত পূজাৰী মোজা চিং বে, ডিফু থানত জেনচিং ৰংফাৰ, ইংলংকিৰি আৰিচ' থানত হেমাৰী ৰংপি, ডেৰণ থানত খৰচিং ৰংহাঙ, আৰু ইংলংকিৰি আকেচাৰ থানৰ বাবে পুজাৰী লৰেন্স ৰংহাঙে পূজা সম্পন্ন কৰে৷
কাৰ্বি পৰম্পৰাগত জন বিশ্বাস মতে হেম্ফু মুক্ৰাং ৰাচিংজাৰ বেদীত উছৰ্গা কৰা কুকুৰাৰ সোঁফালে কাতি কৰি প্ৰাণ গলে এলেকাটোৰ অসূয়া-অমংগল দূৰ হয়৷ সেই মৰ্মে শনিবাৰে ডিফু চহৰৰ ৰংকেৰ থান পূজাৰ প্ৰথম উছৰ্গিত কুকুৰা সোঁফালে কাতি কৰি প্ৰাণ যোৱাৰ লগে লগে পূজাৰী আৰু ভক্তসকল উল্লাসত নাচি উঠে ৷
পূজা থলীত মূখ্য অতিথি হিচাপে উপস্থিত থকা কাৰ্বি স্বায়ত্ত পৰিষদৰ স্থানীয় এমএচি তথা ইএম ৰতন টেৰণে এই পূজা ডিফু বজাৰৰ শান্তি-প্ৰগতি, মংগল কামনা কৰি কৰা হৈছে বুলি কয়৷
পূজাৰ জৰিয়তে চহৰবাসীৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ শান্তি আৰু ভাতৃত্ব বোঘ গঢ়িব বুলি কয় ৰতনে৷ পূজাত বৰৱা চাহিল বে, ৰাম টকবী, ক্লেংচাৰপ', চেচং তিচ' ক্লেংদুন চাৰ, ইম ইংতি আৰু ডিফু বজাৰ ৰংকেৰ সমিতিৰ সভাপতি-সম্পাদক মংগল চিং ৰংফাৰ আৰু বিদ্যা টেৰণ উপস্থিত থাকি সমাজৰ মংগল কামনা কৰে৷ মূল বজাৰৰ পথৰ ওপৰতে ভক্তসকলে সমূহীয়া ভোজত অংশ গ্ৰহণ কৰে৷