
newsnextone.com | বিহালীঃ চাডেন ভিজিট কৰি দুৰ্নীতিৰ বিৰুদ্ধে এক্সন লোৱাৰ ৰাজনৈতিক নাটক ৰচা সোণোৱাল মন্ত্ৰীসভাৰ বিজেপি মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ সমষ্টি বিহালীত কোটি কোটি টকাৰ ৰাজহুৱা ধন অপচয় আৰু লুন্ঠনৰ বাতৰি সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত সবিস্তাৰে প্ৰকাশ হোৱাৰ পিছতে সষ্টম হৈ পৰিছে মন্ত্ৰীগৰাকী৷ নিজ সমষ্টিত দুৰ্নীতিৰ অভিযোগ খাৰিজ কৰাৰ লগতে আনকি মন্ত্ৰী ৰঞ্জিত দত্তই এতিয়া বিভিন্ন কৌশল অৱলম্বন কৰি তেওঁৰ সমষ্টিৰ দুৰ্নীতিৰ তথ্য ফাদিল কৰা সাংবাদিক আৰু জাতিয়তাবাদী ছাত্র সংগঠনৰ নেতাক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলিও অভিযোগ উত্থাপন হৈছে৷
মন্ত্রী ৰঞ্জিচত দত্তৰ ছত্রছায়াত বিহালীত সংঘটিত হোৱা পৰ্বতসম দুৰ্নীতি গাপ দিবলৈ বৃথা প্ৰয়াস কৰি মন্ত্রী গৰাকীয়ে ৰাজহুৱা ভাৱে জাতিয়তাবাদী নেতাক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰা বুলিও অভিযোগ উত্থাপন হৈছে৷ বিহালীৰ পঞ্চায়তসমূহত বিজেপিয়ে অনুষ্ঠিত কৰা দলীয় ৰাজহুৱা সভাত মন্ত্রীগৰাকীয়ে আবোল তাবোল বকি গুৱাল গালি দি জাতিয়তাবাদী নেতা সাংবাদিকৰ চৰিত্রক আজুৰি আক্ৰমণ কৰা কাৰ্যত সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷
যোৱা কিছুদিন ধৰি বিহালীৰ টেলেঙনীয়া আৰু ৰাংচালীত অনুষ্ঠিত ৰাজহুৱা সভাত মন্ত্রীগৰাকীয়ে ৰাইজৰ উন্নয়ন নিবিচৰা লোকে উন্নয়নত বাধা দিবৰ বাবেহে সমালোচনাত নামি পৰিছে বুলি মন্তব্য কৰা পৰিলক্ষিত হৈছে৷ সংবাদ মাধ্যমত ৰাজহুৱা আঁচনিৰ দুৰ্নীতি সমুহ ফাদিল কৰা ছাত্র সংগঠনৰ নেতাক অতি জাতীয়তাবাদী বুলি উল্লেখ কৰি সকলোৰে কেলেংকাৰীৰ তথ্য আমাৰ হাতত আছে বুলি ৰাজহুৱাভাৱে মন্ত্রী গৰাকীয়ে প্ৰত্যুত্তৰ দিয়ে৷ তেওঁ কয়, ‘এনে নেতাৰ কথাত কেয়াৰ নকৰো ,ৰাইজে ৰাস্তাত চিঞৰা মানুহ নিবিচাৰে, ৰাইজক লাগে বিহালীৰ উন্নয়ন৷’
মন্ত্ৰীগৰাকীয়ে গাংমৌথানত ৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা বান্ধৰ নিৰ্মাণ কাৰ্য ভালদৰে সম্পন্ন হৈ আছে৷ আনহাতে সঠিক নিৰ্মাণ নহোৱা বাবে চেৰেলীয়াত জলসিঞ্চনৰ নলাৰ কেইবাখনো পকী ৱাল ভাঙি পৰা বুলিও স্বীকাৰ কৰে৷ ৰঞ্জিত দত্তই কয়, ‘নিৰ্মাণ কাৰ্যত কেতিয়াবা বিসংগতি দেখা দিয়ে৷ কিন্তু তাকে লৈ একাংশ লোকে মোৰ বিৰুদ্ধে প্ৰচাৰ কৰি ফুৰিছে সমষ্টিটোৰ উন্নয়ন স্তব্ধ হৈ পৰে৷’
ইফালে, বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্র তুষাৰ বৰাই মন্ত্রীগৰাকীয় দুৰ্নীতি ঢাকিবৰ বাবে ছ’চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমক আক্ৰমণ কৰি অগণতান্ত্ৰিক মনোভাবৰ পৰিচয় দিছে আৰু সংবিধানৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰে৷ মন্ত্ৰী দত্তৰ প্ৰতিটো কাম আৰু কাৰ্যত দুৰ্নীতি ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই আছে বুলি মন্তব্য কৰি বৰাই কয় যে ২০০৯-১০ বৰ্ষৰ কেগৰ প্ৰতিবেদত দত্তৰ বিধায়ক পুঁজিত ২৩ লাখ ৭৮ হাজাৰ টকাৰ বিসংগতি ধৰা পৰিছিল৷
আনহাতে, চিপিআই(এমএল)ৰ নেতা অনন্ত হাজৰিকাই মন্ত্রী দত্তৰ বক্তব্যত বিৰোধ কৰি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে মন্ত্রী দত্তৰ হাতত যদি জাতীয়তাবাদী নেতা সকলৰ কেলেংকাৰীৰ তথ্য আছে তাক ৰাজহুৱা ভাৱে প্ৰকাশ কৰক৷ গাংমৌথানত বৰগাং নদীৰ বান্ধৰ বাবে যি ৫ কোটি টকা মুকলি হৈছে সেৱা ৰাইজৰ আন্দোলনৰ ফল হে, তাত মন্ত্রী দত্তৰ কোনো কৃতীত্ব নাই বুলিও কয় অনন্ত হাজৰিকাই৷
অনন্ত হাজৰিকাই কয়, ঐতিহাসিক গাংমৌথান সুৰক্ষাৰ বাবে এই বান্ধৰ কামত সমগ্ৰ ৰাইজৰ নজৰ দিছে৷ গতিকে মন্ত্রী দত্তই দুৰ্নীতিক প্ৰশ্ৰয় দিয়াৰ বিপৰিতে ৰাইজক বান্ধ নিৰ্মাণৰ কামত সাঙুৰী লৈ এক তদাৰকী কমিটি গঠন কৰি দিয়া উচিত৷
ইফালে, আদিবাসী ছাত্র সন্থাৰ বিশ্বনাথ জিলাৰ সম্পাদক অজিত কুৰ্মীয়ে অগণতান্ত্ৰিক আৰু চৈৰাচাৰী মনৰ মন্ত্রী দত্তৰ হাতত বিহালীৰ জাতীয়তাবাদী নেতাৰ কেলেংকাৰীৰ তথ্য সচাকৈ যদি মজুত আছে তেন্তে মন্ত্ৰীগৰাকীয়ে ইমান দিনে ব্যৱস্থা নোলোৱাৰ ৰহস্য কি বুলি প্ৰশ্ন উত্থাপন কৰে৷
বিশ্বনাথ জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক তুলতুল দাসে কয় যে, বিহালীত মন্ত্রী দত্তৰ কোটি কোটি টকাৰ দুৰ্নীতি প্ৰকাশ পোৱাত মন্ত্রী গৰাকীয়ে মগজুৰ ভাৰসাম্য হেৰুৱাই জাতীয়তাবাদী নেতা সকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ আনফালে, বিহালীৰ আদিবাসী ছাত্র সন্থাৰ সভাপতি সঞ্জীৱ তাঁতীয়েও দত্তৰ এই মন্তব্য অশালীন বুলি কৈ অসমবাসীৰ ওচৰত মন্ত্রীগৰাকী নিজে হেয় প্ৰতিপন্নহে হৈছে বুলি মন্তব্য কৰে৷